নিউজ ডেস্কঃ এক শােকাৱহ ঘটনা।
গাঁৱৰ পৈতৃক ঘৰত উলহ মালহেৰে সম্পন্ন হ’ল কনিষ্ঠ পুত্ৰৰ বিয়া, বিয়াৰ এসপ্তাহ পিছতে চহৰৰ কৰ্মস্থলীলৈ উভতিছিল নৱ দম্পতীসহ ৭ জনীয়া পৰিয়ালৰ।
কিন্তু আদবাটতে এক দুৰ্ঘটনাত নিঃশেষ হ’ল সম্পূৰ্ণ পৰিয়াল।
উল্লেখ্য যে, যোৱা শনিবাৰে পুৱা ৫ বজাত উতত্ৰ প্ৰদেশৰ মথুৰাত সংঘটিত হৈছিল এটা শোকাবহ দুৰ্ঘটনা।
![](https://i0.wp.com/news8northeast.com/wp-content/uploads/2022/05/photo1652356409.jpeg?resize=633%2C573&ssl=1)
মথুৰা জিলাৰ নৌহাজহিল থানাৰ অন্তৰ্গত যমুনা এক্সপ্ৰেছৱেত বিপৰীত দিশৰ পৰা আহি থকা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল হাৰদোই জিলাৰ কোতৱালী অঞ্চলৰ সুন্দৰপুৰ টিক্ৰাৰ নিৱাসী লাল্লু আৰু তেওঁৰ পৰিয়ালে যাত্ৰা কৰি থকা বাহনখনত।
এই ভয়ংকৰ দুৰ্ঘটনাটোত লাল্লুৰ লগতে পৰিয়ালৰ ৭ সদস্যৰ কৰুণ মৃত্যু ঘটনাৰ লগতে আহত আন দুজন সদস্য।
![](https://i0.wp.com/news8northeast.com/wp-content/uploads/2022/05/photo1652356358.jpeg?w=900&ssl=1)
নিহত সকলক লাল্লু (৫৫) আৰু তেওঁৰ পত্নী শকুন্তলা (৫০), পুত্ৰ সঞ্জয় (২৮), তেওঁৰ পত্নী নিশা (২৫), ৰাজেশ (২০) আৰু তেওঁৰ পত্নী নন্দিনী (১৯) আৰু সঞ্জয়ৰ পুত্ৰ ধীৰাজ ঘটনাস্থলীত নিহত হয়। আনহাতে সৰু পুত্ৰ শ্ৰীগোপাল (১৭) আৰু নাতি কৃষ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল।
জানিব পৰা মতে, যোৱা ৩০ এপ্ৰিলত বিবাহ সম্পন্ন হৈছিল লাল্লুৰ পুত্ৰ ৰাজেশৰ।
গোটেই পৰিয়ালটোৱে বিবাহৰ এক অনুষ্ঠানত অংশ লৈ উভতি অহাৰ সময়তে সংঘটিত হয় দুৰ্ঘটনাটোত। যাৰ ফলত নৱদম্পতী ৰাজেশ আৰু নন্দিনীৰ লগতে প্ৰাণ হেৰুৱায় পৰিয়ালৰ ৭ গৰাকী সদস্যই।
ইফালে দুৰ্ঘটনাৰ পিছত মৃতদেহৰ মৰোণত্তৰ পৰীক্ষাৰ অন্তত দেওবাৰে পুৱাৰ ভাগত আটাইকেইজন সদস্যৰ মৃতদেহ লৈ অনা হয় সুন্দৰপুৰ টিক্ৰালৈ।
একেটা পৰিয়ালৰ ৭ সদস্যৰ মৃতদেহ এনেদৰে নিজৰ ঘৰখনত উপস্থিত হোৱাৰ পিছতে শোকৰ বন্যা নামে সমগ্ৰ অঞ্চলটোত।
![मौके पर लगी भीड़](https://i0.wp.com/spiderimg.amarujala.com/cdn-cgi/image/width=414,height=233,fit=cover,f=auto/assets/images/2022/05/07/750x506/kanapara_1651936258.jpeg?resize=727%2C409&ssl=1)
সন্ধিয়া ৫ বজাত মৃতদেহ কেইটাৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে লাল্লুৰ জ্যেষ্ঠ পুত্ৰ ৰামকৰণ আৰু ৰাজুৱে।