মৰ্মান্তিক! ঘৰৰ চৌহদতে বজ্ৰাঘাতত কৰুণ মৃত্যু যুৱকৰ…

মৰ্মান্তিক! ঘৰৰ চৌহদতে বজ্ৰাঘাতত কৰুণ মৃত্যু যুৱকৰ…

July 6, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ ৰাজ্যজুৰি প্ৰাকৃতিক দুৰ্যােগৰ ফলত অকাল মৃত্যুক আকােৱালি লৈছে বহু লােকে।

বান, ভূমিস্খলনৰ উপৰি বজ্ৰপাতৰ ঘটনাই নিতৌ প্ৰাণ কাঢ়ি নিছে বহু লােকৰ।

বিগত চলিত সপ্তাহতে ৰাজ্যজুৰি বজ্ৰপাতৰ ঘটনা ৪ জনৰ মৃত্যু ঘটিছে।

বুধবাৰে পুনৰ বজ্ৰপাতৰ ঘটনাত মৃত্যুমুখত পৰে এজন যুৱক।

এইবাৰ ঘটনাৰ স্থান হ’ল বাক্সা জিলাৰ বৰমা।

জানিব পৰা মতে, পুৱা ঘৰৰ পৰা ওলাই অহাৰ সময়তে বজ্ৰপাত পৰি অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল বাক্সা জিলাৰ বৰমাৰ খাৰুৱাজানৰ সন্তােষ ৰামছিয়ানী নামৰ এগৰাকী ৩২ বছৰীয়া যুৱকে।

বুধবাৰে পুৱা প্ৰায় ৬.১০ বজাত ঘৰৰ সন্মুখতে বজ্ৰপাত পৰি মৃত্যুক সাৱটি লয় যুৱকজনে।

ইফালে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

বজ্ৰপাত পৰি যুৱকজনৰ কৰুণ মৃত্যুক লৈ অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

লগতে চাওকঃ

পিতৃ-কন্যাই একেলগে যুঁজাৰু বিমান উৰুৱাই সৃষ্টি কৰিলে নতুন অভিলেখ…