মৰ্মান্তিক! চালকে হঠাৎ ব্ৰেক মৰাৰ ফলত স্কুল বাছৰ পৰা চিটিকি পৰি মৃত্যু এগৰাকী ৭ বছৰীয়া ছাত্ৰীৰ

নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ উজ্জীয়নৰ বুধবাৰে পুৱাই সংঘটিত এক কৰুণ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ জিলাখনত।

এখন স্কুল বাছৰ চালক আৰু সহায়কৰ গাফিলতিৰ বাবেই এগৰাকী ৭ বছৰীয়া কণমানিৰ মৃত্যু ঘটাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ ৰাইজে।

দৰাচলতে এই ঘটনা সংঘটিত হয় উজ্জীয়নৰ মহিদপুৰ নাৰায়ণা গাঁৱত।

জানিব পৰা মতে, মহিদপুৰৰ কালুহেদা গাঁও আৰু পান বিহাৰৰ মাজত অৱস্থিত মহৰ্ষি আৰাক্ষবাদ পাব্লিক স্কুলৰ এখন স্কুল বাছৰ পৰা বাগৰি পৰি বুধবাৰে পুৱা প্ৰাণ হেৰুৱায় যশস্বিনী নামৰ এটি ৭ বছৰীয়া শিশুৱে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে পুৱা ৮ বজাত ছাত্ৰ-ছাত্ৰীক নিবলৈ ছালাখেদি আৰু নাৰায়ণ গাঁৱত উপস্থিত হয় বিদ্যালয়খনৰ এখন স্কুল বাছ।

এই স্কুল বাছখনতে পুৱা নাৰায়ণাত স্কুললৈ বুলি পিতৃয়ে বাছত উঠাই থৈ যায় যশস্বিনী নামৰ ৭ বছৰীয়া শিশুটিক।

যশস্বিনী আৰু আন আন ছাত্ৰ-ছাত্ৰীসকলক লৈ স্কুল বাছখনে কিছুদিন আগবঢ়াৰ পিছতে হঠাৎ চালকে ব্ৰেক লগোৱাত বাছৰ ভিতৰৰ পৰা উফৰি বাহিৰত পৰি যায় যশস্বিনী।

এই ঘটনাত মূৰত গুৰুতৰভাৱে আঘাত পোৱা শিশুটিক আত্মীয় আৰু স্থানীয় লোকে ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

জানিব পৰা মতে, এই দুৰ্ঘটনাৰ সময়ত স্কুলখনৰ ভিতৰত মুঠ ২০ গৰাকী শিশু আছিল।

বাছৰ দুৱাৰ মুখৰ কাষৰ চিটত বহি থকা যশস্বিনীৰ এখন হাতত আছিল এটা চিপছৰ পেকেট। সেয়ে হঠাৎ চালকে ব্ৰেক মৰাৰ ফলত শিশুটিয়ে সন্তুলন হেৰুৱাই বাছৰ ভিতৰৰ পৰা চিটিকি পৰি যায় আৰু মূৰত আঘাত পাই মৃত্যু ঘটে।

ইফালে এই ঘটনাৰ পিছত পলায়ন কৰে বাছখনৰ চালক আৰু সহায়কজনে।

ঘটনাক কেন্দ্ৰ কৰি শিশুটিৰ পৰিয়াল আৰু অঞ্চলবাসীয়ে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি বাছখনৰ চালক আৰু সহায়কৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।

1 thought on “মৰ্মান্তিক! চালকে হঠাৎ ব্ৰেক মৰাৰ ফলত স্কুল বাছৰ পৰা চিটিকি পৰি মৃত্যু এগৰাকী ৭ বছৰীয়া ছাত্ৰীৰ”

Comments are closed.