মৰ্মান্তিক! দুৰ্ঘটনাত আহত ব্যক্তিত চিকিৎসালয়লৈ নিয়া যুৱকক মহটিয়ালে তীব্ৰবেগী বাহনে

নিউজ ডেস্ক। এক কৰুণ ঘটনা। পথ দুৰ্ঘটনাত আহত হৈ ছট্ফটাই থকা এজন লােকক সহায় কৰিবলৈ গৈ নিজেই প্ৰাণ হেৰুৱালে এজন যুৱকে।

এই ঘটনা শােকাৱহ ঘটনা সংঘটিত হৈছে দেওবাৰে নিশা বোকাখাতত ৷

জানিব পৰা মতে, বোকাখাত কলাখোৱা আমতলৰ সিদ্ধাৰ্থ গোৱালা নামৰ যুৱকজন নিশা ঘৰলৈ গৈ থকা অৱস্থাত পথৰ দাঁতিত আহত অৱস্থাত পৰি থকা এজন ব্যক্তিক প্ৰত্যক্ষ কৰে ৷

লগে লগেই সিদ্ধাৰ্থই আহত ব্যক্তিজনক বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে।

ইয়াৰ পাছতে নিজ ঘৰলৈ গৈ থকা অৱস্থাত বোকাখাতৰ জেডিএচজি মহাবিদ্যালয়ৰ সমীপত ৩৭ নং ঘাইপথত অচিনাক্ত গাড়ীয়ে মহতিয়াই থৈ যায় যুৱকজনক ৷

ফলত থিতাতে নিহত হয় সিদ্ধাৰ্থ গোৱালা নামৰ যুৱকজনৰ ৷

প্ৰত্যক্ষদৰ্শীলৈ তৎপৰতাৰে যুৱকজনক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে সিদ্ধাৰ্থক মৃত ঘোষণা কৰে ৷ এই শােকাৱহ ঘটনাই অঞ্চলজুৰি তীব্ৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

দিন দুপৰতে অস্ত্ৰ দেখুৱাই তেল ডিপােৰ মহিলা কৰ্মচাৰীৰ পৰা ধন লুট

মৰ্মান্তিক! মাত্ৰ দুমাহ পূৰ্বে যুগ্মজীৱন আৰম্ভ কৰা যুৱকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু

কিশোৰ কুমাৰৰ জনপ্ৰিয় বাংলা গীত গাই জনপ্ৰিয় হ’ল নাগালেণ্ডৰ যুৱক!

দৰাৰ সন্মুখত কইনাৰ ফটো উঠাই থকা অৱস্থাত ঘটিল এক আমােদজনক ঘটনা! ভিডিঅ’ ভাইৰেল

Leave a Comment