মৰ্মান্তিক! নাও দুর্ঘটনাত সলিল সমাধি দুই যুৱতী-মহিলাৰ, মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সংঘটিত হ’ল শােকাৱহ নাও দুৰ্ঘটনা।

এইবাৰ এই নাও দুৰ্ঘটনাৰ স্থান বিশ্বনাথৰ মুখৰগড়ৰ সমীপৰ ঘিলাধাৰী নৈ।

ঘিলাধাৰী নদী পাৰ হওঁতে ডুবিল ৬ যাত্ৰী কঢ়িওৱা টুলুঙা নাও।

এই ঘটনাৰ পিছতে নাৱৰীয়াজনে চাৰিগৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুগৰাকী যুৱতী-মহিলাৰ নৈৰ বুকুত সলিল সমাধি ঘটে।

তেওঁলােকৰ নাম হৈছে জ্যোতি চাহু (২৫) আৰু দীপাঞ্জলি কেওট।

সােমবাৰে বিয়লি সংঘটিত এই দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় বিশ্বনাথৰ আৰক্ষী আৰু এছডিআৰএফৰ উদ্ধাৰকাৰী দল।

মংগলবাৰে পুৱা দুয়ােগৰাকী যুৱতী-মহিলাৰ মৃতদেহ নৈৰ বুকুৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় উদ্ধাৰকাৰী বাহিনী।

জানিব পৰা মতে, সােমবাৰে পুৱা বিশ্বনাথৰ মুখগড় চাহ বাগিচাৰ সমীপৰ ঘিলাধাৰী নদীৰ সিপাৰে থকা পথাৰত ধান ৰুবলৈ গৈছিল ৬ জনীয়া মহিলাৰ এটা দল। কিন্তু এখন টুলুঙা নাৱেৰে বিয়লি পাঁচমান বজাত ঘিলাধাৰী নৈৰ সিপাৰে থকা পথাৰৰ পৰা উভতি আহোঁতেই সংঘটিত হয় এই দুর্ঘটনা।

নাৱত থকা এটা ফুটাৰে পানী সোমাই নাওখন ডুবি যায়। লগে লগে নাৱৰীয়া আৰু নাৱত উঠি অহা মহিলাকেইগৰাকী পানীত পৰে।

তাৰ পাছতে ধৈর্য নেহেৰুওৱা নাৱৰীয়া দেবা কেওটে স্থানীয় লোকৰ সহযোগত নদীৰ পৰা উদ্ধাৰ কৰে চাৰিগৰাকী মহিলাক।

এই ঘটনাত প্ৰাণৰক্ষা পৰা মহিলাকেইগৰাকীৰ নাম জোনাকী প্রজা, দুর্গামণি কেওট, ৰিস্মা কেওট আৰু নেহা খোদাল।

এই চাৰিগৰাকী মহিলাক ইতিমধ্যে প্রতাপগড় চাহ বাগিচাৰ প্ৰাথমিক চিকিৎসালয়লৈ অনা হয় আৰু চিকিৎসা প্রদান কৰা হৈছে।

লগতে চাওকঃ

পথ নহয় যেন পুখুৰী! পথৰ ওপৰৰ গাতত গা ধুই, যোগাসান কৰিলে এগৰাকী ব্যক্তিয়ে, কাষতে থিয় হৈ চাই থাকিল বিধায়কে…

1 thought on “মৰ্মান্তিক! নাও দুর্ঘটনাত সলিল সমাধি দুই যুৱতী-মহিলাৰ, মৃতদেহ উদ্ধাৰ”

Comments are closed.