মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই ৩০০ ফুট গভীৰ খাৱৈত বাগৰি পৰিল টাটা ছুম’, পিতৃ-কন্যাসহ ৮ জনৰ মৃত্যু

নিউজ ডেস্কঃ এখন যাত্ৰীভৰ্তি টাটা ছুম’ নিয়ন্ত্ৰণ হেৰুৱাই ৩০০ ফুট দ খাৱৈত বাগৰি পৰাত প্ৰাণ হেৰুৱাবলগীয়া হয় পিতৃ-কন্যাকে ধৰি ৮জনকৈ লোকে। এই শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ছত্ৰু মহকুমাৰ অন্তৰ্গত বুণ্ডা অঞ্চলত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে বিয়লি প্ৰায় ৩.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। জেকে ১৭ ৯১১৭ নম্বৰৰ ব্যক্তিগত টাটা ছুম’ বাহনখনেৰে চালকসহ মুঠ এঘাৰ জন যাত্ৰী চিংগামৰ পৰা বুণ্ডা অভিমুখে গৈ থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে।

দুৰ্ঘটনাৰ ফলত বাহনখনত থকা ৫ জনৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে বাকী ৬ জনক সংকটজনক অৱস্থাত স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও চিকিৎসাধীন অৱস্থাত পুনৰ মৃত্যু ঘটে ৩ জনৰ।

টাটা ছুম’ বাহনখন বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। ইফালে এই দুৰ্ঘটনাত শোক ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিহত সকলৰ পৰিয়ালক ২ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদানৰ ঘোষণা কৰিছে।