মৰ্মান্তিক! নিৰ্মীয়মাণ মেট্ৰ’ ৰে’ল প্ৰকল্পৰ খুঁটা পৰিল চাৰিচকীয়া বাহনত, নিহত মহিলাসহ কণমানি পুত্ৰ

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

চলন্ত চাৰিচকীয়া বাহনৰ ওপৰত পৰিল নিৰ্মীয়ণমান মেট্ৰ’ ৰে’ল প্ৰকল্পৰ খুঁটা।

এই ঘটনাৰ স্থান কৰ্ণাটকৰ ৰাজধানী বেংগালুৰু।

এই ঘটনাত এগৰাকী মহিলা আৰু তেওঁৰ কণমানি পুত্ৰ থিতাতে মৃত্যু হয়।

জানিব পৰা মতে, মংগলবাৰে পুৱা নৱহাৰা অঞ্চলত স্কুটাৰেৰে গৈ থকা এটা চাৰিজনীয়া পৰিয়ালৰ ওপৰত খুঁটাটো অকস্মাতে খহি পৰে। ফলত আৰোহী তেজস্বিনী আৰু পুত্ৰ বিহানৰ মৃত্যু হয়।

এই ঘটনাত মহিলাগৰাকীৰ স্বামী ললিত আৰু তেওঁলোকৰ কন্যা সন্তানটি গুৰুতৰভাবে আহত হয়।

বর্তমান দুয়োৰে চিকিৎসা বেংগালুৰুৰ এখন চিকিৎসালয়ত চলি আছে।

খুঁটাটো কি কাৰণে খহি পৰিল, তাৰ তদন্তৰ নির্দেশ দিছে প্রশাসনে।

মুখ্যমন্ত্রী বাসৱৰাজ বোম্মায়ে এই ঘটনাৰ পুংখানুপুংখ তদন্তৰ নিৰ্দেশ দিছে।

আনহাতে বেংগালুৰু মেট্ৰ’ ৰে’লৱে নিগমে নিহতলৈ ২০ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।