নিউজ ডেস্ক। এক কৰুণ ঘটনা।
নৈত গা ধুবলৈ গৈ পানীত ডুব যােৱা এটি ৯ বছৰীয়া ছােৱালীৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ নিজেও মৃত্যুক আঁকােৱালি ল’লে এগৰাকী ১৪ বছৰীয়া কিশােৰীয়ে।
এই শােকাৱহ ঘটনা সংঘটিত হ’ল ধেমাজী জিলাৰ মাছখােৱাৰ লাইপুলীয়া নদীত।
যােৱা ৮ আগষ্টত নৈত সলিল সমাধি ঘটা দুয়ােগৰাকী শিশু- কিশােৰীৰ মৃতদেহ মংগলবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী আৰু এছডিআৰএফৰ উদ্ধাৰকাৰী দলে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/298120438_1342918486115630_1267967908505743894_n.jpg?resize=600%2C800&ssl=1)
মৃত কিশােৰীগৰাকীৰ হৈছে মাছখোৱা পথলিয়াল গাঁও নিবাসী শিৱ দাস আৰু মুগী দাসৰ কন্যা মেনকা দাস (১৪)।
মেনকা দাস মাছখােৱা টাউন হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী আছিল।
আনহাতে, ৯ বছৰীয়া শিশুটিৰ একে গাঁৱৰে তম্বিৰ সিং আৰু চুমচুমী দেৱীৰ কন্যা শিখামণি দেৱী (৯)।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/298104377_1342918562782289_4362827797783543069_n.jpg?resize=900%2C675&ssl=1)
জানিব পৰা মতে, সাঁতুৰিব জনা মেনকা দাসে শিখামণি দেৱীক পানীত ডুব যােৱাৰ পৰা ৰক্ষা কৰিবলৈ নৈত জাঁপ দিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ দুয়ােগৰাকীয়ে নৈৰ বুকুত সলিল সমাধি ঘটে।
মংগলবাৰে পুৱা প্ৰায় ১০ বজাত নদীখনৰ ঘটনাস্থলীৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বত উৰিয়ামগুৰি দলঙৰ ওচৰত শিখামণিৰ মৃতদেহ আৰু কিছু দূৰত মেনকা দাসৰ মৃতদেহ পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/297160301_1342918452782300_9007501776305584733_n.jpg?resize=900%2C675&ssl=1)
লগে লগে দুয়োগৰাকী কিশোৰীৰ মৃতদেহ মাছখোৱা আৰক্ষীৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ পঠোৱা হয়।
পৰীক্ষাৰ অন্তত কিশোৰী দুগৰাকীৰ মৃতদেহ দুটা স্থানীয় গাঁওবুঢ়া বম্বেশ্বৰ কোচ আৰু যামিনী কোচৰ উপস্থিতিত পৰিয়ালৰ লোকক চমজাই দিয়ে মাছখোৱা আৰক্ষীয়ে।
লগতে চাওকঃ
মৰ্মান্তিক! পথাৰত ভূঁই ৰুই ঘৰলৈ ওভতাৰ পথত বজ্রাঘাতত প্ৰাণ গ’ল ২੦ বছৰীয়া যুৱতীৰ, আহত এগৰাকী মহিলা
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/08/G5-3.jpg?resize=889%2C458&ssl=1)
3 thoughts on “মৰ্মান্তিক! নৈত ডুব যােৱা শিশুৰ প্ৰাণৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যু মেনকাৰ, দুয়ােৰে মৃতদেহ উদ্ধাৰ”
Comments are closed.