
মৰ্মান্তিক! পঞ্চম শ্ৰেণীৰ ছাত্ৰী বনশ্ৰীৰ প্ৰাণ কাঢ়ি নিলে জাপানীজ এনকেফেলাইটিছে…
July 31, 2022নিউজ ডেস্ক। চলিত বছৰত ৰাজ্যৰ অধিকাংশ জিলাত ভয়াৱহভাৱে বৃদ্ধি পাইছে মাৰাত্মক জাপানীজ এনকেফেলাইটিছৰ ৰােগৰ প্ৰাদুৰ্ভাৱ।
এই ৰােগত আক্ৰান্ত হৈ নিতৌ প্ৰাণ হেৰুৱাইছে ইজনৰ পিছত সিজন লোকে।
এইবাৰ ওদালগুৰিত জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱালে এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰীয়ে।

জানিব পৰা মতে, ওদালগুৰি সীমান্তৱৰ্তী ১নং বৈনাৰাত বনশ্ৰী ৰাজবংশী নামৰ শিশুটি জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে।
দৰঙৰ ২নং বৈনাৰা সত্ৰ প্ৰাথমিক বিদ্যালয়ৰ ৫ম শ্ৰেণীৰ ছাত্ৰী আছিল ১০বছৰীয়া বনশ্ৰী ৰাজবংশী।
প্ৰায় ২৬ দিনে জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ জিএমচিএইচত চিকিৎসাধীন হৈ আছিল বনশ্ৰী।
বনশ্ৰীৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।
লগতে চাওকঃ
খহি পৰিল আন এক নক্ষত্ৰ! প্ৰখ্যাত কণ্ঠশিল্পী নিৰ্মলা মিশ্ৰৰ দেহাৱসান

[…] […]
[…] […]