মৰ্মান্তিক! পিতৃৰ সৈতে নাওখেল চাবলৈ আহি নৈত সলিল সমাধি ৬ বছৰীয়া কন্যা শিশুৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা।

পিতৃৰ সৈতে নাওখেল উপভােগ কৰিবলৈ আহি শােকাৱহ মৃত্যুক আঁকােৱালি ল’লে এগৰাকী ৬ বছৰীয়া কন্যা শিশুৱে।

নাওখেল চােৱাৰ সময়তে অকস্মাতে পিতৃৰ পৰা বিচ্ছিন্ন হৈ পৰাৰ পিছতে সলিল সমাধি ঘটে শিশুটিৰ।

উল্লেখ্য যে বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত ঔডুবিত চম্পাৱতী নৈৰ সুঁতিত খাদিজা পাৰবিন নামৰ ৬ বছৰীয়া কণমানি কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হয়।

মৃত খাদিজা পাৰবিন ঔডুবি প্রথম খণ্ড গাঁৱৰ চৈয়দ আলীৰ কন্যা।

শিশুটিৰ পৰিয়ালৰ লোকে জনোৱা মতে, মাজেৰ আলগাত ব্ৰহ্মপুত্ৰত বুধবাৰে অনুষ্ঠিত নাও খেল প্রতিযোগিতাত পৰিয়ালৰ সৈতে শিশুটি খেল চাবলৈ যায়।

পাছত উক্ত স্থানত বিয়লিৰ পৰা শিশুটি সন্ধানহীন হৈ পৰে।

পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰে যদিও বৃহস্পতিবাৰে পুৱা চম্পাৱতী নৈৰ মৰা সুঁতিত শিশুটিৰ মৃতদেহ উদ্ধাৰ হয়।

খেল দেখাৰ সময়তে পিতৃৰ পৰা বিচ্ছিন্ন হৈ শিশুটিয়ে পাছত খেল চাই ঘৰলৈ উভতি যোৱাৰ পথত পানীত পৰি মৃত্যুমুখত পৰা বুলি একাংশই সন্দেহ কৰিছে।

শিশুটিৰ এনে আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।