মৰ্মান্তিক! পুত্ৰক গাড়ী চালনৰ প্ৰশিক্ষণ দিয়াৰ সময়তে কুঁৱাত বাগৰি পৰিল বাহন, পিতৃৰ মৃত্যু-আহত পুত্ৰ

মৰ্মান্তিক! পুত্ৰক গাড়ী চালনৰ প্ৰশিক্ষণ দিয়াৰ সময়তে কুঁৱাত বাগৰি পৰিল বাহন, পিতৃৰ মৃত্যু-আহত পুত্ৰ

November 2, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা।

পুত্ৰক গাড়ী চালনৰ প্ৰশিক্ষণ দি থকাৰ সময়তে কুঁৱাত বাগৰি পৰিল বাহন।

থিতাতে প্ৰাণ গ’ল পিতৃৰ, গুৰুতৰভাৱে আহত হ’ল পুত্ৰ।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কেৰালাৰ কন্নুৰত।

জানিব পৰা মতে, কন্নুৰৰ নেল্লিকুনৰ নিৱাসী মথুকট্টু নামৰ ব্যক্তিজনে পুৱা তেওঁৰ ১৭ বছৰীয়া পুত্ৰক গাড়ী চলাবলৈ শিকাই থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই ঘৰৰ কাষৰ এটা কুঁৱাত বাহনসহ বাগৰি পৰে।

এই দুৰ্ঘটনাত ৫৮ বৰ্ষীয় মথুকুট্টুৰ ঘটনাস্থলীয়ে মৃত্যু ঘটাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় তেওঁৰ পুত্ৰ বিনছি (১৭)।

পিছত আৰক্ষী আৰু স্থানীয় লোকে ক্ৰেণৰ সহায়ত বাহনখন কুঁৱাৰ পৰা বাহিৰলৈ উলিয়াই আনি আহত কিশোৰজনক হাস্পতাললৈ প্ৰেৰণ কৰে।

লগতে চাওকঃ

শােকাৱহ! নৃত্য পৰিৱেশন কৰিবলৈ গৈ ডেৰাডুনত মৃত্যু মাজুলীৰ লুইচি বৰাৰ