মৰ্মান্তিক! বাছক অভাৰটেকৰ সময়ত দুৰ্ঘটনা, অল্টাে বাহন খালত পৰি দুই কন্যাসহ পিতৃৰ কৰুণ মৃত্যু

নিউজ ডেস্ক। এখন বাছক অতিক্ৰম কৰাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ খালত পৰিল এখন অল্ট’ বাহন।

এই দুৰ্ঘটনাত এজন ৪৮ বছৰীয়া লােকৰ সৈতে তেওঁ দুইগৰাকী জীয়ৰীৰ থিতাতে মৃত্যু হয়।

এই কৰুণ দুৰ্ঘটনা সংঘটিত হয় কেৰেলাৰ পাঠনামথিট্টা জিলাত।

জিলাখনৰ তিৰুৱল্লা চহৰৰ এখন দলঙৰ পৰা অল্টাে (KL01AJ2102) গাড়ীখন খালত পৰাৰ ফলতে দুই কন্যাসহ পিতৃৰ মৃত্যু হয়।

আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, নিহত লোক কেইজনৰ নাম চেণ্ডী মেথিউ (৪৮) আৰু তেওঁৰ দুগৰাকী কন্যা ব্লেছি চেণ্ডী (১৯) আৰু ফেবা ভি চেণ্ডী (২৫)। তেওঁলােকৰ ঘৰ

জানিব পৰা মতে, চেণ্ডী মেথিউ স্থানীয় গীৰ্জাত কৰ্মৰত আছিল আৰু তেওঁ নিজৰ ছোৱালীকেইজনীক তিৰুৱল্লা আৰু মাভেলিকাৰাৰ তেওঁলোকৰ শিক্ষানুষ্ঠানলৈ নিয়াৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল।

ঘটনাৰ পিছতে স্থানীয় ৰাইজ, অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়া, আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তিনিওটা মৃতদেহ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

1 thought on “মৰ্মান্তিক! বাছক অভাৰটেকৰ সময়ত দুৰ্ঘটনা, অল্টাে বাহন খালত পৰি দুই কন্যাসহ পিতৃৰ কৰুণ মৃত্যু”

Comments are closed.