মৰ্মান্তিক! বায়েকৰ সৈতে পূজাৰ বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল ৰশ্মিতাৰ…

মৰ্মান্তিক! বায়েকৰ সৈতে পূজাৰ বজাৰ কৰি ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল ৰশ্মিতাৰ…

October 2, 2022 Off By NEWS DESK

নিউজ ডেস্ক। পুনৰ চৰম বিপৰ্যয় নামি আহিল নলবাৰীৰ এটা পৰিয়াললৈ।

মাত্ৰ এবছৰ পূৰ্বে পৰিয়ালৰ মুৰব্বীক অকালতে হেৰুওৱাৰ পিছতে এইবাৰ দুৰ্ঘটনাত প্ৰাণ গ’ল পৰিয়ালটােৰ কনিষ্ঠ জীয়ৰীৰ।

এই ঘটনাই গভীৰ শােকৰ ছাঁ পেলাইছে নলবাৰীত।

উল্লেখ্য যে নলবাৰীৰ বৰঝাৰ গাঁৱৰ প্ৰয়াত দীপক ৰাজবংশী আৰু অঞ্জু ৰাজবংশীৰ তিনি কন্যাৰ কনিষ্ঠতম ৰশ্মি ৰাজবংশীয়ে শনিবাৰে বায়েক শিখাৰ সৈতে স্কুটীৰ উঠি পূজাৰ বজাৰ কৰিবলৈ বৰমালৈ গৈছিল।

বজাৰ কৰি ঘৰলৈ উভতি অহাৰ পথত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সেনাৰ তীব্ৰবেগী বাহনৰ খুন্দাত স্কুটীৰ পৰা পথত ছিটিকি পৰে ৰশ্মিতা।

এই দুৰ্ঘটনাত দুয়াে বায়েক-ভনীয়েকে আঘাতপ্ৰাপ্ত হয় যদিও ৰশ্মিতাৰ অৱস্থাত অতি গুৰুতৰ হৈ পৰে।

ইয়াৰ পিছতে ততাতৈয়াকৈ সমীপৱৰ্তী চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। কিন্তু আদবাটতে প্ৰাণত্যাগ কৰে ৰশ্মিতাই।

উল্লেখ্য যে ৰশ্মিতা ৰাজবংশী ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত আছিল।