মৰ্মান্তিক! বিবাহৰ পূৰ্বে বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত মৃত্যু প্ৰেমিক যুগলৰ

মৰ্মান্তিক! বিবাহৰ পূৰ্বে বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত মৃত্যু প্ৰেমিক যুগলৰ

November 16, 2021 0 By NEWS DESK

এক শোকাৱহ ঘটনা। বিবাহৰ পূৰ্বে বজাৰ কৰিবলৈ গৈ দুৰ্ঘটনাত মৃত্যু হয় দুই প্ৰেমিক যুগলৰ।

এই ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ আউৰিয়াত।

মৃত দুয়োকে শচীন শ্ৰীবাস্তৱ আৰু চোনি প্ৰজাপতি বুলি জানিব পৰা যায়।

photo-2021-11-15-20-01-24

খবৰ অনুসৰি, দুয়োজনে ১০ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হোৱাৰ কথা আছিল। সেয়েহে তেওঁলোকে বজাৰ কৰিবলৈ কানপুৰলৈ গৈছিল।

কিন্তু ঘৰলৈ উভতি অহাৰ পথত এখন অচিনাক্ত বাহনে তেওঁলোকৰ স্কুটীত খুন্দা মাৰে। যাৰ ফলত দুয়োৰে মৃত্যু হয়।

জানিব পৰা মতে, মৃত শচীন শ্ৰীবাস্তৱ আৰু চোনি প্ৰজাপতি একেটা এলেকাতে বাস কৰিছিল।

photo-2021-11-15-08-47-39

দুয়োৰে দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু তেওঁলোকৰ বিবাহৰ বাবে দুয়োজনে তেওঁলোকৰ পৰিয়ালক যথেষ্ট সৈমান কৰিব লগা হৈছিল।

দুয়োজনৰ পৰিয়ালৰ সদস্যসকল বিয়াৰ বাবে কোনোমতে সাজু হৈছিল, কিয়নো তেওঁলোক ভিন্ন জাতিৰ আছিল।

শচীন শ্ৰীবাস্তৱ চিবিআইত কেৰাণী হিচাপে নিযুক্ত হৈছিল।

photo-2021-11-15-19-45-16

কিছুদিন পূৰ্বে তেওঁলোকৰ বাগদান অনুষ্ঠান সম্পন্ন হৈছিল আৰু তাৰ পিছতেই পৰিয়ালে বিয়াৰ বাবে সাজু হৈছিল। কিন্তু দুৰ্ঘটনাটোৱে দুয়োটা পৰিয়ালক শোকাহত কৰি তোলে।

আৰক্ষীয়ে জনোৱা অনুসৰি, মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত পৰিয়ালক হস্তান্তৰ কৰা হয়।

বৰ্তমান দুৰ্ঘটনাটোৰ তদন্ত চলি আছে। অচিনাক্ত বাহনখন বিচাৰি উলিওৱা হৈছে। দুৰ্ঘটনাটোৰ কাৰণ জানিবৰ বাবে ওচৰে পাজৰে স্থাপন কৰা চিচিটিভি কেমেৰাবোৰ স্কেন কৰা হৈছে।