দশম মহলাৰ পৰা তললৈ সৰি পৰিল ১১ বছৰীয়া ছাত্ৰী, মৃত্যু

নিউজ ডেস্ক। এক শোকাৱহ ঘটনা। এপাৰ্মেণ্টৰ দশম মহলাৰ পৰা তললৈ সৰি পৰিল এগৰাকী ১১ বছৰীয়া স্কুলীয়া ছাত্ৰী। যাৰ ফলত মৃত্যু হয় ছাত্ৰী গৰাকীৰ।

এই ঘটনা যোৱা শনিবাৰে আবেলি ৪:৩০ মান বজাত সংঘটিত হয় মুম্বাইৰ বৰিভলি লিংক ৰোডৰ এএইচচিএল হোমছ নামৰ এটা এপাৰ্টমেণ্টত।

ছাত্ৰী গৰাকীৰ নাম হেতৱী মেহতা বুলি জানিব পৰা যায়। তেওঁ মাক আৰু ককাক-আইতাকৰ সৈতে এপাৰ্টমেণ্টটোত বাস কৰিছিল।

দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হোৱা ভৱনটোৰ চৌহদৰ এটা কাৰ্যালয়ত কাম কৰা প্ৰত্যক্ষদৰ্শীৰ মতে, “সেই সময়ত ধুলিৰ ডাৱৰ আছিল আৰু কি ঘটিছিল সেয়া প্ৰথমতে অস্পষ্ট আছিল। আমি তেতিয়া এটা শিশুৰ মৃতদেহ দেখিছিলো আৰু ছছাইটি পৰিচালনা কৰ্তৃপক্ষক অৱগত কৰিছিলো। তেওঁ মাটিত পৰাৰ আগতে এটা খুঁটাত খুন্দা মাৰিছিল।”

খবৰ অনুসৰি, ঘটনাৰ পিছতেই প্ৰত্যক্ষদৰ্শীসকলে আৰক্ষীক ফোন কৰিছিল আৰু শিশুটিক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিল। কিন্তু চিকিৎসালয়ত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। আৰক্ষীয়ে দুৰ্ঘটনাজনিত কাৰণত মৃত্যুৰ এক গোচৰ ৰুজু কৰে আৰু তদন্ত অব্যাহত ৰাখে।

বৰিভলী আৰক্ষী থানাৰ জ্যেষ্ঠ পৰিদৰ্শক এছ কালেকাৰে কয়, “যিহেতু তেওঁক ফুটপাথত পোৱা গৈছিল আৰু ওচৰৰ অট্টালিকাৰ ৰক্ষীসকলে তেওঁক চিনি পোৱা নাছিল। আমি ঘৰে ঘৰে গৈ সুধিছিলো যে এইটো কাৰ সন্তান। যেতিয়া আমি হাইৰাইজৰ ১০ মহলাত হেটিভিৰ ঘৰত উপস্থিত হৈছিলো, তেতিয়া তেওঁৰ আইতাক দুৰ্ঘটনাটোৰ বিষয়ে অৱগত নাছিল। আইতাকে কৈছিল যে হেটভি ঘৰৰ ভিতৰত খেলি আছে। আমি তেতিয়া তেওঁক মৃত শিশুটিৰ এখন ফটো দেখুৱাইছিলো। তেতিয়া তেওঁ হতবাক হৈ পৰিছিল আৰু নিশ্চিত কৰিছিল যে ফটোখন তেওঁৰ নাতিনীৰ আছিল। ঘটনাটো সংঘটিত হোৱাৰ সময়ত হেটভিৰ মাক ঘৰত নাছিল।”

তেওঁ লগতে কয় যে, শিশুটিয়ে অনিচ্ছাকৃতভাৱে বাৰান্দাৰ সুৰক্ষা জালৰ এটা অংশ কাটি পেলাইছিল, যাৰ ফলত দুৰ্ঘটনাটো ঘটিব পাৰে। সম্ভৱ তেওঁ কোনো বিপদজনক খেল খেলি থকা নাছিল।

Leave a Comment