মৰ্মান্তিক! ভূঁই ৰুই থকা অৱস্থাতে বজ্ৰপাতত কৰুণ মৃত্যু মহিলাৰ

মৰ্মান্তিক! ভূঁই ৰুই থকা অৱস্থাতে বজ্ৰপাতত কৰুণ মৃত্যু মহিলাৰ

July 5, 2022 Off By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাকৃতিক দুৰ্যােগৰ ফলতে দুৰ্বিষহ হৈ পৰিছে জনজীৱন।

বান-গৰাখহনীয়াৰ সমানে বজ্ৰপাতৰ ফলতাে অকাল মৃত্যু ঘটিছে বহুজনৰ।

এইবাৰ শােণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চিলনি পামত বজ্ৰপাতত মৃত্যু ঘটিল মহিলাৰ।

জামুগুৰিহাটৰ চিলনিপামত সংঘটিত হয় এই ঘটনা।

জানিব পৰা মতে, ভূঁই ৰুই থকা অৱস্থাত হঠাৎ বজ্ৰপাত পৰি মৃত্যু মহিলাগৰাকীৰ।

মহিলাগৰাকী জামুগুৰিহাটৰ চিলনিপামৰ মঞ্জুলিকা নৰহ বুলি জানিব পৰা গৈছে।

মৃত্যুৰ সময়ত মহিলাগৰাকীৰ বয়স আছিল ৩੦ বছৰ।

ৰাতিপুৱা ৬.৩০ মান বজাত সংঘটিত হৈছে এই কৰুণ ঘটনাটো।

বজ্ৰৰ আঘাতত মহিলাগৰাকী পথাৰতে ঢলি পৰে।

মহিলাগৰাকী পথাৰত পৰি যোৱা দেখি নাতিদূৰৈত ভূঁই ৰুই থকা আনসকল মহিলাসকলে পৰিয়ালৰ লােকক অৱগত কৰাৰ লগতে ততালিকে চিকিৎসালয়লৈ নিয়ে।

অৱশ্যে, চিকিৎসকে মহিলাগৰাকীক মৃত বুলি ঘােষণা কৰে।

লগতে চাওকঃ

চাকৰিৰ ইণ্টাৰভিউ দিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈছিল এগৰাকী মহিলা, ডেৰ মাহ চিকিৎসাধীন হৈ থাকি সাৱটিলে মৃত্যুক