মৰ্মান্তিক! মাতৃৰ মৃত্যুৰ পিছতে পুত্ৰৰাে মৃত্যু, একেলগে সম্পন্ন দুয়ােৰে আদ্যশ্ৰাদ্ধ

মৰ্মান্তিক! মাতৃৰ মৃত্যুৰ পিছতে পুত্ৰৰাে মৃত্যু, একেলগে সম্পন্ন দুয়ােৰে আদ্যশ্ৰাদ্ধ

November 12, 2022 Off By NEWS DESK

নিউজ ডেস্ক। এক দুৰ্ভাগ্যজনক ঘটনা।

বৃদ্ধ মাতৃৰ মৃত্যুৰ পিছতে প্ৰাণত্যাগ ৰােগাক্ৰান্ত পুত্ৰৰাে।

একেদিনাই সম্পন্ন হ’ল মাতৃ-পুত্ৰৰ আদ্যশ্ৰাদ্ধ।

এই শােকাৱহ ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰৰ ৮নং ৱাৰ্ডৰ ৰৌমাৰীত।

জানিব পৰামতে, ফলিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিগত ৩২ বছৰে বিনা বেতনে শিক্ষকতা কৰি অহা পৰিমলৰায় নামৰ শিক্ষকজন কিছুদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

মৃত্যুৰ সময়ত পৰিমল ৰায়ে পত্নীসহ দুটি পুত্ৰ সন্তানক ইহসংসাৰত এৰি থৈ যায়।

আৰ্থিক সংকটৰ বাবে নিজ গৃহৰ গোধন বিক্ৰী কৰি চিকিৎসা অব্যাহত ৰাখিছিল যদিও নিজ মাতৃৰ আদ্যশ্ৰাদ্ধৰ দুদিন পূৰ্বে নিয়তিৰ বুকুত হাৰ মানি যোৱা বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰিলে শিক্ষক পৰিমল ৰায়ে।

ফলত পৰিয়ালে মাতৃৰ আদ্যশ্ৰাদ্ধৰ লগতে একেলগে সম্পন্ন কৰিবলগীয়া হ’ল পৰিমল ৰায়ৰ আদ্যশ্ৰাদ্ধ।

এই ঘটনাই বৃহত্তৰ চাপৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

মৰ্মান্তিক! ঘৰৰ সমীপৰ পুখুৰীত উদ্ধাৰ নিৰুদ্দিষ্ট শিশু দৈচাং বসুমতাৰীৰ মৃতদেহ