মৰ্মান্তিক! মা দুৰ্গাক বলি প্ৰদানৰ সময়তে বলি কটা দা চিটিকি ডিঙিত লাগিল ৩ বছৰীয়া শিশুৰ, মৃত্যু

নিউজ ডেস্কঃ সমগ্ৰ দেশৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ মাজত দুৰ্গোৎসৱৰ উছাহৰ মাজতে ঝাৰখণ্ডৰ গুমলা জিলাত সংঘটিত হোৱা এক শোকাবহ ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

দুৰ্গা পূজাৰ নৱমীৰ দিনা মা দুৰ্গাৰ সন্মুখত পৰম্পৰাগত বলি বিধানৰ সময়তে বলি কটা দা ডিঙিত লাগি প্ৰাণ হেৰুৱায় এটি ৩ বছৰীয়া কণমানিয়ে।

জানিব পৰা মতে, গুমলা জিলাৰ ঘঘৰা থানাৰ লালপুৰ গাঁৱত দুৰ্গা পূজাৰ সময়ত প্ৰত্যেক বছৰি মা দুৰ্গাক বলি আগবঢ়াই আহিছে গাঁওবাসীয়ে।

এইবাৰো নৱমীৰ দিনটোত গাঁওখনত অনুষ্ঠিত হয় বলি বিধান প্ৰথা। সেই অনুসৰি তিনিটা ছাগলী বলিৰ বাবে অনা হয়।

দুটা ছাগলীক বলি দি উঠাৰ পিছত তৃতীয় ছাগলী বলি দিবলৈ লওতেই বলি কটা লোকজনৰ হাতৰ পৰা দাখন চিটিকি পৰি সেই সময়ত বলি দিয়া চাবলৈ সমবেত হোৱা ভিৰৰ মাজৰ এটি ৩ বছৰীয়া শিশুৰ ডিঙিত লাগে।

লগে লগে তেজেৰে তুমুৰলি হৈ পৰা শিশুটিক হাস্পতাললৈ লৈ যোৱা হয় যদিও ইতিমধ্যেই মৃত্যু ঘটে শিশুটিৰ।

নিহত শিশুটি গাঁওখনৰে নিৱাসী দীপক ওৰাওন আৰু বীৰসী দেৱীৰ ৩ বছৰীয়া পুত্ৰ বিমল বুলি জানিব পৰা গৈছে।

এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

কোনো গাফিলতি হোৱা নাছিল তেজস্বিতাৰ চিকিৎসাত! শিশু শিল্পীগৰাকীৰ মৃত্যুক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান বিধায়ক দিগন্ত কলিতাৰ…