মৰ্মান্তিক! স্কুটীৰে ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত অকালতে প্ৰাণ গ’ল চুফিয়াৰ

নিউজ ডেস্ক। ৰাজ্যত নিতৌ সংঘটিত পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাইছে বহু লােকে।

সােমবাৰে নিশাও ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় একাধিক পথ দুৰ্ঘটনা।

জানিব পৰা মতে, বৰপেটাৰ বাৰাদিত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুৱাবলগীয়া হয় চুফিয়া পাৰবিন (২৪) নামৰ এগৰাকী যুৱতীয়ে।

267522769-280332104144173-2146197117152557432-n

নিহত চুফিয়া পাৰবিন

চুফীয়াই এখন স্কুটীৰে বৰপেটাৰ পৰা সমীপৱৰ্তী পালহাজীৰ দামালঝাৰ গাঁৱৰ ঘৰলৈ গৈ থকা অৱস্থাত সন্মুখৰ পৰা AS01-EH-9930 নম্বৰৰ এখন চুইফ্ট ডিজায়াৰ বাহনে তীব্ৰ বেগত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷

জানিব পৰা মতে, চুফিয়া বৰপেটাৰ সমীপৰ পালহাজীৰ দামালঝাৰ গাঁৱৰ মুক্কাদেছ আলীৰ কন্যা।

264121533-280332227477494-7313186702826393187-n

দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন

চুফিয়া বাৰবিনে গুৱাহাটীৰ নাৰ্ছিং পাঠ্যক্ৰমৰ প্ৰশিক্ষণ লৈ আছিল।

265577771-280332074144176-6103997689932540590-n

ঘটনাৰ পাছতে প্ৰত্যক্ষদৰ্শীয়ে যুৱতী গৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

ইফালে, দুৰ্ঘটনা সংঘটিত কৰি চাৰিচকীয়া বাহনখনৰ চালকজন পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷

266334922-436405414718814-9193717536454515342-n

প্ৰতিভা সম্পন্ন যুৱতীগৰাকীৰ এনে আকস্মিক মৃত্যুৰ ঘটনাই বৃহত্তৰ পালহাজীৰ দামালঝাৰ অঞ্চলত গভীৰ শােকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

শােকাৱহ! জন্মদিন উদযাপনৰ কৰি ওভতাৰ পথত প্ৰাণ গ’ল ৩ বন্ধুৰ, আহত ২

G7

Leave a Comment