নিউজ ডেস্ক। ১৯৯৯ চনত মুক্তি লাভ কৰিছিল এখন হিন্দী ছবিয়ে। প্ৰেম আৰু ত্যাগৰ এক অনন্য কাহিনীৰে চিত্ৰিত ছবিখনৰ নাম আছিল ‘হাম দি দে চুকে চনম’।
ছবিখনত এজন দুৰ্ঘোৰ প্ৰেমিকৰ চৰিত্ৰত অভিনয় কৰিছিল চলমান খানে। কিন্তু অগাধ ভালপোৱা থকা স্বত্বেও পৰিয়ালৰ বাধ্যত প্ৰেয়সী ঐশ্বৰ্য্য ৰায়ে বিবাহত বহিছিল অজয় দেৱগনৰ।
![image-750x-5e8618915c69d](https://i0.wp.com/i.ibb.co/R26Jq7s/image-750x-5e8618915c69d.jpg?w=900&ssl=1)
কিন্তু যেতিয়া স্বামীৰূপে অজয় দেৱগণে দুয়োৰে প্ৰেম কাহিনীৰ বিষয়ে জানিব পাৰিছিল, তেতিয়া তেওঁলোকৰ স্বাৰ্থত ত্যাগ কৰিছিল নিজৰ ভালপোৱাক আৰু নিজৰ পত্নীক সপি দিছিল প্ৰেমিকৰ ওচৰত।
সঞ্জয় লীলা ভাঞ্চালিৰ দ্বাৰা পৰিচালিত এই ছবিখনৰ প্ৰতিটো চৰিত্ৰ, প্ৰতিটো দৃশ্যই আজিও শিহৰিত কৰে প্ৰতিজন ছবিপ্ৰেমিক।
প্ৰেম আৰু ত্যাগৰ সৰ্বোচ্ছ উপমা দাঙি ধৰা ছবিখন সেই সময়ত আছিল হিন্দী ছবিজগতৰ এখন ব্লকবাষ্টাৰ ছবি।
কিন্তু এইবাৰ ছবি নহয়, অথচ হাম দিল দে চুকে চনমৰ কাহিনীয়েই যেন বাস্তৱত চিত্ৰিত হ’ল বিহাৰত। বিহাৰৰ জামুই জিলাৰ এজন হৃদয়বান স্বামীয়ে হাম দিল দে চুকে চনমৰ অজয় দেৱগণৰ দৰেই প্ৰেমিকৰ হাতত গতাই দিলে নিজৰ পত্নীক।
সামাজিক মাধ্যমত এই ভিডিঅ’ এতিয়া দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
![photo-2021-12-28-09-48-38](https://i0.wp.com/i.ibb.co/XFCYhQs/photo-2021-12-28-09-48-38.jpg?w=900&ssl=1)
জানিব পৰা মতে, জামুই জিলাৰ খাইৰা খণ্ডৰ নন্দীদিহ গাঁৱৰ বাসিন্দা গুৰু ৰবিদাসৰ জীয়ৰী শিৱানী কুমাৰী আৰু দুবছৰ চোনো আৰক্ষী থানা অঞ্চলৰ বালথাৰ গাঁৱৰ বাসিন্দা বিকাশ দাসৰ বিবাহ সম্পন্ন হৈছিল দুবছৰ পূৰ্বে।
বিকাশ দাস বাংগালোৰৰ এটা কোম্পানীত কৰ্মৰত হোৱাৰ সূত্ৰে বিবাহৰ পিছত পত্নীৰ সৈতে বাংগালোৰতে থাকিবলৈ লয়।
![hum-dil-de-chuke-sanam-aishwarya-salman-ajay](https://i0.wp.com/i.ibb.co/jVG6yWL/hum-dil-de-chuke-sanam-aishwarya-salman-ajay.jpg?w=900&ssl=1)
কিন্তু শিৱানীয়ে এদিন জামুই জিলাৰ ঝাঝা খণ্ডৰ জামুকাবৰ গাঁৱৰ বাসিন্দা প্ৰকাশ দাসৰ পুত্ৰ শচীন কুমাৰক লগ পায় আৰু লাহে লাহে দুয়োৰে মাজত ঘনিষ্ঠতা বৃদ্ধি পাবলৈ ধৰে।
প্ৰথম চিনাকি পৰৱৰ্তী সময়ত প্ৰেমলৈ ৰূপান্তৰিত হোৱাত এদিন শিৱানীয়ে এই বিষয়ে তেওঁৰ স্বামী বিকাশক অৱগত কৰায় আৰু কয় যে তেওঁ প্ৰেমিক শচীন কুমাৰৰ সৈতেহে থাকিব বিচাৰে।
![photo-2021-12-28-11-50-15](https://i0.wp.com/i.ibb.co/0fg8RFk/photo-2021-12-28-11-50-15.jpg?w=900&ssl=1)
ইফালে পত্নীৰ পৰকীয়া প্ৰেমৰ বিষয়ে জানিব পৰাৰ পিছতে বিকাশ দাসে যোৱা ২৬ ডিচেম্বৰত প্ৰেমিক শচীন কুমাৰৰ সৈতে শিৱানী কুমাৰীক বিয়া দিয়ে। সামাজিক মাধ্যমত এই বিবাহৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে যদিও অৱশ্যে বিকাশ, শিৱানী আৰু শচীনৰ পৰিয়ালৰ তৰফৰ পৰা এতিয়াও বিবাহখনক লৈ কোনো সঁহাৰি লাভ কৰা হোৱা নাই।
আনহাতে বিবাহখনক লৈ আৰক্ষীকো কোনো কথা অৱগত কৰা হোৱা নাই বুলি জানিব পৰা গৈছে।
কিন্তু সেয়া যিয়েই নহওঁক, ছবিৰ কাহিনীৰ দৰেই বাস্তৱত প্ৰেমিকৰ হাতত স্বামীয়ে নিজৰ পত্নীক গতাই দিয়াৰ এই বিৰল ঘটনাই নেটিজেনসকলক যথেষ্ট আমোদ দিছে।
লগতে চাওকঃ
এদিন পিতৃ-মাতৃয়ে কৰিছিল এলাগী, আজি চৰকাৰী চাকৰিৰে স্বনিৰ্ভৰশীল দুই সংযুক্ত যমজ ভাতৃ