যৌতুকৰ বাবেই বাতিল বিবাহ! জ্যেষ্ঠ কন্যাৰ বিয়াৰ মণ্ডপতে সম্পন্ন হ’ল কনিষ্ঠ কন্যাৰ বিবাহ

নিউজ ডেস্ক। ভাৰতৰ বিভিন্ন প্ৰান্তত যৌতুক প্ৰথা আজিও চলি আছে, যাৰ ফলত সাধাৰণ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে কন্যা সন্তান বোজা হৈ পৰে।

যৌতুক দিব নোৱাৰা বা কমকৈ দিয়াৰ বাবেই বহু যুৱতীৰ বিবাহ বাতিল হোৱাৰ দৰেও ঘটনা ঘটে। আনকি এনে বাতৰিও শুনা যায়, য’ত যৌতুকজনিত কাৰণত মণ্ডপৰ পৰাই উভতি যায় দৰা আৰু বৰযাত্ৰী।

শেহতীয়াকৈ তেনে এক ঘটনাই সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বুলন্দ চহৰত।

9-4

এগৰাকী যুৱতীৰ বিবাহ ঠিক হৈছিল ৪ ফেব্ৰুৱাৰীত। কিন্তু বিয়াৰ ঠিক এদিন পূৰ্বে দৰাঘৰৰ লোকে বিয়া বাতিল কৰাত কইনাঘৰত হাহাকাৰ লাগে। অৱশ্যে একেটা মণ্ডপতে পিছত কইনাৰ সৰু ভগ্নীৰ বিবাহ সম্পন্ন হয়।

ঘটনা অনুসৰি, বুলন্দ চহৰৰ নৰসেনা অঞ্চলৰ এখন গাঁৱৰ দুই কন্যাৰ পিতৃয়ে জাহাঙ্গিৰাবাদ আৰক্ষী থানা অঞ্চলৰ এজন যুৱকৰ সৈতে তেওঁৰ জ্যেষ্ঠ কন্যাৰ বিবাহ ঠিক কৰিছিল।

যুৱকজন আছিল এজন আৰক্ষী জােৱান। ২ ফেব্ৰুৱাৰীত দৰা-কইনাৰ মাজত আঙুঠি পিন্ধোৱা পৰ্বও সম্পন্ন হৈ যায়।

তাৰ পিছত শুকুৰবাৰে অৰ্থাৎ ৪ ফেব্ৰুৱাৰীত দুয়োৰে বিবাহ সম্পন্ন হোৱাৰ কথা আছিল যদিও বিয়াৰ মাত্ৰ এদিন পূৰ্বে দৰাই বিবাহ কৰিবলৈ অস্বীকাৰ কৰে।

কইনা পৰিয়ালৰ অভিযোগ অনুসৰি, বিয়াৰ আগদিনা দৰাঘৰে ১১ লাখ টকা আৰু এখন বাহন অতিৰিক্ত যৌতুক হিচাপে দাবী কৰে। কিন্তু কইনাৰ পৰিয়ালে এই যৌতুক প্ৰদান কৰিবলৈ অসমৰ্থ হোৱাত বিয়াৰ দিনা দৰা আহিবলৈ অস্বীকাৰ কৰে।

ইফালে দৰা নাহে বুলি খবৰ লাভ কৰাৰ পিছতে মূৰে-কপালে হাত দিয়ে কইনা আৰু পৰিয়ালে। উপায়ন্তৰ হৈ তেওঁলোকে নৰসেনা আৰক্ষী থানাত দৰাঘৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।

কইনাৰ পিতৃৰ অভিযোগ অনুসৰি, পূৰ্বেই তেওঁ দৰাৰূপী যুৱকজনক যৌতুকৰূপে ১২ লাখ ৫১ হাজাৰ নগদ ধন, ৬ টা সোণৰ আঙুঠি, এডাল সোণৰ চেইন আৰু আন আন ঘৰুৱা আচ-বাব প্ৰদান কৰিছে। তাৰ পিছতো দৰাঘৰে অতিৰিক্ত যৌতুক দাবী কৰিছিল।

আনফালে জ্যেষ্ঠ কন্যাৰ বিয়াৰ পিছতে অহা ১৮ ফেব্ৰুৱাৰীত সম্পন্ন হোৱাৰ কথা আছিল ব্যক্তিজনৰ কনিষ্ঠ কন্যাৰো বিবাহ। কিন্তু জ্যেষ্ঠ কন্যাৰ বিবাহ বাতিল হোৱাৰ খবৰ কনিষ্ঠ কন্যাৰ হ’বলগীয়া শহুৰৰ ঘৰক অৱগত কৰাৰ পিছতে ৫ ফেব্ৰুৱাৰীত জ্যেষ্ঠ কন্যাৰ মণ্ডপতে উপস্থিত হয় কনিষ্ঠ কন্যাৰ বৰযাত্ৰী।

আনহাতে কইনা পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দৰা আৰু পৰিয়ালৰ আন আন সদস্যক মাতি আনি সোধা-পোছাও অব্যাহত ৰাখিছে আৰক্ষীয়ে।

বিবাহ বাতিল কৰাৰ অভিযোগত অভিযুক্ত যুৱকজনৰ মতে, তেওঁ সেইদিনা দৰা সাজি বৰযাত্ৰীৰ সৈতে কইনাৰ ঘৰলৈ ওলাই আহিছিল, কিন্তু আধা বাটতে কইনাঘৰৰ মানুহে তেওঁক বিবাহ বাতিল কৰাৰ বিষয়ে জনাইছিল।

Leave a Comment