লুৰীণজ্যােতিৰ সমষ্টিবাসীলৈ কৃতজ্ঞতা, নিৰ্বাচিত বিধায়কলৈ শুভেচ্ছা

নিউজ ডেস্ক। অসম বিধানসভাৰ নিৰ্বাচনত প্ৰথম প্ৰয়াসত শােচনীয়ভাৱে পৰাজিত হ’ল অসম জাতীয় পৰিষদৰ সকলাে প্ৰাৰ্থী।

আনকি দলৰ সভাপতি লুৰীণজ্যােতি গগৈয়ে প্ৰতিদ্বন্দ্বীতা কৰা দুয়ােটা সমষ্টিতে পৰাজয়বৰণ কৰিলে।

দলৰ এনে বিপৰ্যয়ৰ মাজতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰীণজ্যােতি গগৈয়ে।

সাংবাদিকৰ সৈতে হােৱা বাৰ্তালাপত লুৰীণজ্যােতি গগৈয়ে কয় যে জনতাৰ ৰায়ক আমি শ্ৰদ্ধাৰে গ্ৰহণ কৰিছােঁ। লগতে ৰাজ্যৰ সকলাে নৱ নিৰ্বাচিত বিধায়কলৈ শুভেচ্ছা জনাইছােঁ আৰু অভিনন্দন জনাইছােঁ। তেওঁ কয় যে পৰাজয়বৰণ কৰা প্ৰাৰ্থীসকল যাতে নহৈ, সমাজ আৰু মানৱ জাতি, স্বদেশ-স্বজাতিৰ ভৱিষ্যতৰ কাৰণে কাম কৰিবলৈ আগবাঢ়ি যায়, তাৰে আহ্বান জনাইছােঁ।

লুৰীণজ্যােতি গগৈয়ে ফেচবুকত প্ৰকাশ কৰা মন্তব্যঃ ”অৱশেষত কালি অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ফলাফল ঘোষণা হ’ল। আমি প্ৰাৰ্থীত্ব আগবঢ়োৱা দুলীয়াজান আৰু নাহৰকটীয়া – দুয়োটা সমষ্টিৰ ভোটাৰেই আমাক প্ৰত্যাখ্যান কৰিলে। জনতাৰ এই ৰায়দান আমি নতশিৰে মানি লৈছোঁ। নিৰ্বাচনী ৰাজনীতিত প্ৰথম খোজতে আমাৰ সাহস প্ৰেৰণা হৈ আমাৰ পক্ষত ভোটদান কৰা দুলীয়াজান বিধানসভা সমষ্টিৰ প্ৰায় ২৪ সহস্ৰাধিক ভোটাৰ ৰাইজ আৰু নাহৰকটীয়া বিধানসভা সমষ্টিৰ প্ৰায় ২৫ সহস্ৰাধিক ভোটাৰ ৰাইজক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ।আশা কৰিছোঁ – নৱনিৰ্বাচিত প্ৰতিগৰাকী বিধায়কে জাতিটোৰ আৰু অসমখনৰ ভাল ভৱিষ্যতৰ বাবে কাম কৰি যাব। নিৰ্বাচনত গৰিষ্ঠসংখ্যক জনতাৰেই আস্থা জিনিব নোৱাৰিলেও এতিয়াৰে পৰা আমাক ভোটদান কৰা বা নকৰা প্ৰতিগৰাকী জনতাৰ কাষতেই লুৰীণজ্যোতি গগৈ প্ৰতিপল থাকিব। জনতাই আঙুলিয়াই দিয়া ভুল-ত্ৰুটিসমূহ শুধৰাই আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠাৰ এই সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে আমি দায়বদ্ধ হৈ থাকিম। অসমৰ জাতীয় জীৱনলৈ অহা প্ৰতিটো সংকটৰ সময়ত জাতিৰ কাষত থাকিম সদায় আৰু চিৰদিন। ”

অৱশেষত কালি অসম বিধানসভা নিৰ্বাচন ২০২১ ৰ ফলাফল ঘোষণা হ'ল। আমি প্ৰাৰ্থীত্ব আগবঢ়োৱা দুলীয়াজান আৰু নাহৰকটীয়া – দুয়োটা…

Posted by Lurinjyoti Gogoi on Sunday, 2 May 2021

Leave a Comment