শোকাবহ! সময়মতে সুদৰ ধন ওভতাই দিব নোৱাৰাৰ বাবেই আতিশয্য কাবুলিৱালাৰ, চৰম পন্থা ল’লৈ ডাক বিভাগৰ কৰ্মচাৰীয়ে…

শোকাবহ! সময়মতে সুদৰ ধন ওভতাই দিব নোৱাৰাৰ বাবেই আতিশয্য কাবুলিৱালাৰ, চৰম পন্থা ল’লৈ ডাক বিভাগৰ কৰ্মচাৰীয়ে…

September 6, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ কাবুলিৱালাৰ মানসিক আতিশয্যৰ বলি হৈ অৱশেষত জীৱন ত্যাগ কৰিবলৈ বাধ্য হ’ল এগৰাকী ডাক বিভাগৰ কৰ্মচাৰীয়ে।

এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ শোণিতপুৰ জিলাত।

কাবুলিৱালাৰ পৰা সুদত লোৱা ধনৰ সুদ-মূল সময়ত ঘূৰাই দিব নোৱাৰাৰ বাবেই মানসিক নিৰ্যাতনৰ বলি হৈ চৰম পন্থা বাচি লয় শোণিতপুৰৰ বালিপৰা কৃষ্ণ ওৰাং নামৰ ডাক বিভাগৰ কৰ্মচাৰীজনে।

অভিযোগ অনুসৰি, ডাক বিভাগৰ কৰ্মচাৰী কৃষ্ণ ওৰাঙে ব্যক্তিগত কাৰণত আন্নছ খান আৰু আজাদ খান নামৰ ব্যক্তি দুজনৰ পৰা কিছু টকা সুদত লৈছিল। কিন্তু সময়মতে সেই টকাৰ সুদ আৰু মূল পৰিশোধ কৰিব নোৱাৰাত মানসিকভাৱে নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিছিল কাবুলিৱালা কেইজনে।

আনকি কৃষ্ণ ওৰাঙৰ বাইক, এটিএম কাৰ্ড আদি কাঢ়ি নিয়াৰ লগতে ৰাজহুৱা ভাৱেও অপদস্থ কৰিছিল কাবুলিৱালা কেইজনে।

যাৰ পৰিণতিত মানসিকভাৱে ভাগি পৰা কৃষ্ণ ওৰাঙে খনামুখৰ অকাবস্তিত আত্মহত্যাৰ দৰে চৰম পন্থা বাচি ল’বলৈ বাধ্য হয়।

ইফালে কৃষ্ণ ওৰাঙৰ পত্নীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে মাংগিন খান, ওমৰ আলী খানসহ ৩ জনক আটক কৰিছে যদিও এতিয়াও পলাতক হৈ আছে মূল অভিযুক্ত আন্নছ খান আৰু আজাদ খান।

যি সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষীয়ে ৰাজ্যজুৰি সুদখোৰৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে, সেই সময়তে কাবুলিৱালাৰ মানসিক আতিশায্যৰ বলি হৈ এনেদৰে ডাক বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে কঠিন সিদ্ধান্ত লোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।