
শােকাৱহ! অন্য জিলাৰ কৰ্তব্যস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল টেট শিক্ষক গণেশ মণ্ডলৰ…
August 28, 2022নিউজ ডেস্ক। এক কৰুণ ঘটনা।
সুদূৰ শিৱসাগৰৰ কৰ্তব্যস্থলীৰ পৰা নিজ ঘৰলৈ ওভতাৰ পথত দুৰ্ঘটনাত প্ৰাণ গ’ল টেট শিক্ষক গণেশ মণ্ডলৰ (২৪)।
অকালতে মৃত্যুক সাৱটি লােৱা টেট শিক্ষকগৰাকী কামৰূপ জিলাৰ বকো-মালিবাৰী সত্ৰৰ বাসিন্দা।

জানিব পৰামতে, গণেশ মণ্ডল নামৰ এই টেট শিক্ষক গৰাকীয়ে কর্মস্থলী শিৱসাগৰৰ জিলাৰ পৰা ৰে’লযোগে গুৱাহাটীলৈ আহি লালগণেশৰ পৰা লখৰালৈ মেজিক (AS-01HC-6736 ) এখনেৰে গৈ থকা অৱস্থাত সাউকুছিৰ সোণাইঘুলিত AS-01FC-4334 নম্বৰৰ ট্রাক এখনে মেজিকখনক খুন্দিয়ায়।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় টেট শিক্ষকগৰাকী।

ততাতৈয়াকৈ টেট শিক্ষকগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে শিক্ষকগৰাকীৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে।

শিক্ষকগৰাকীয়ে ইহসংসাৰত পিতৃ প্রফুল্ল চন্দ্ৰ মণ্ডল আৰু পত্নী লিপিকা বিশ্বাসক এৰি যায়।
এই ঘটনাই বৃহত্তৰ বকাে অঞ্চলত গভীৰ শােকৰ ছাঁ পেলাইছে।
উল্লেখ্য যে ট্ৰাকখনৰ চালকে দিন দুপৰতে মদ্যপান কৰি গাড়ী চলােৱাৰ বাবেই এই শােকাৱহ দুৰ্ঘটনা সংঘটিত হয়।
ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক আনােৱাৰক সুৰাসক্ত অৱস্থাত আটক কৰে।
[…] […]
[…] […]