নিউজ ডেস্ক। পুনৰ তৈলখাদত অঘটন।
কৰ্মৰত অৱস্থাতে দুৰ্ঘটনাত প্ৰাণ গ’ল এগৰাকী অসমীয়া অভিযন্তাৰ।
মৃত অভিযন্তাগৰাকীৰ নাম সৌমাৰজ্যােতি পাঠক।
তেওঁ যােৰহাট জিলাৰ পকামুৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/06/p1.jpg?resize=428%2C458&ssl=1)
এই দুৰ্ঘটনা সংঘটিত হয় যােৰহাট জিলাৰ তিতাবৰৰ বৰহোলাৰ কলাপানীস্থিত ONGCৰ তেল খাদত।
মূৰত লােহাৰ পাইপৰ আঘাত পােৱাৰ পিছতে অভিযন্তাগৰাকীক সংকটজনক অৱস্থাত যােৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰােৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘােষণা কৰে।
ইপিনে, অভিযন্তা গৰাকীৰ মৃত্যুক সহজে মানি লব পৰা নাই পৰিয়াল বৰ্গই।
![](https://i0.wp.com/informerne.com/wp-content/uploads/2022/06/photo_2022-06-05_17-38-00.jpg?resize=900%2C480&ssl=1)
এই ঘটনাৰ উচিত তদন্ত দাবী কৰিছে মৃত অভিযন্তাৰ পৰিয়ালে।
আত্মীয়ই অভিযােগ কৰা অনুসৰি, ONGC কৰ্তৃপক্ষই হাতত দুখ পােৱা বুলি পৰিয়ালৰ লােকক অৱগত কৰিছিল যদিও প্ৰকৃততে তেওঁ মূৰতহে দুখ পাইছিল।
লগতে কৰ্মক্ষেত্ৰত নিৰ্ধাৰিত এছঅ’পি অনুসৰি পৰ্যাপ্ত সা-সুবিধা নথকা বুলি অভিযােগ কৰে প্ৰয়াত অভিযন্তাগৰাকীৰ আত্মীয়ই।
সেয়ে উৰ্ধতন কৰ্তৃপক্ষক এই সন্দৰ্ভত উচিত তদন্তৰ জৰিয়তে দােষীক চিনাক্ত কৰি বিহিত ব্যৱস্থা ল’বলৈ পৰিয়ালৰ লােকে।