
শােকাৱহ! চেন্নাইৰ পৰা উভতি অহাৰ পথত গুৱাহাটী অভিমুখী বিমানত অসমৰ যাত্ৰীৰ আকস্মিক মৃত্যু
August 22, 2022নিউজ ডেস্কঃ গুৱাহাটী অভিমুখী বিমানৰ ভিতৰতে আকাশ মাৰ্গতে মৃত্যুক সাৱটিলে এজন যাত্ৰীয়ে। এই শোকাবহ ঘটনা সংঘটিত হয় দেওবাৰে সন্ধিয়া ইণ্ডিগ’ৰ এখন যাত্ৰীবাহী বিমানৰ ভিতৰত।
চেন্নাইৰ পৰা গুৱাহাটী অভিমুখে উৰা মৰা বিমানখনৰ ভিতৰত মৃত্যু ঘটা যাত্ৰীজনক হাইদৰ হুছেইন (৬৯) বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, দেওবাৰে সন্ধিয়া ৭.৩০ বজাত চেন্নাইৰ পৰা গুৱাহাটীলৈ উৰা মৰা বিমানখনৰ যাত্ৰী আছিল হাইদৰ হুছেইন। কিন্তু বিমানখন গুৱাহাটীত অৱতৰণ কৰাৰ পূৰ্বেই অচেতন হৈ পৰে যাত্ৰীগৰাকী। পৰৱৰ্তী সময়ত বৰঝাৰ বিমান বন্দৰৰ চিকিৎসকৰ দ্বাৰা যাত্ৰীজনৰ পৰীক্ষা কৰা হয় যদিও মৃত্যু ঘটনাৰ সন্দেহ কৰা হয়।

ইয়াৰ পিছতে যাত্ৰীজনক এপ’ল হাস্পতালৰ এম্বুলেন্সেৰে আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনা হয় যদিও তাৰ পৰা পুনৰ অন্য চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়, য’ত চিকিৎসকে পৰীক্ষা কৰি মৃত ঘোষণা কৰে ব্যক্তিজনক।
জানিব পৰা মতে, চেন্নাইত হৃদৰোগৰ চিকিৎসা কৰি ঘৰলৈ উভতিছিল বঙাইগাঁৱৰ হাইদৰ হুছেইন নামৰ লোকজনে। কিন্তু পোৱাৰ পূৰ্বে বিমানতে তেওঁ মৃত্যুক সাৱটি লোৱাৰ ঘটনাই শোকৰ ছাঁ পেলাইছে।