শােকাৱহ! ছুটীত ঘৰলৈ গৈ দুৰ্ঘটনাত প্ৰাণ গ’ল অৰুণাচল প্ৰদেশত কৰ্মৰত সেনা জােৱানৰ

নিউজ ডেস্কঃ এমাহৰ ছুটী লৈ ঘৰলৈ আহি ভগ্নীৰ পৰা ৰাখী পিন্ধাৰ সপোন পূৰণ নহ’ল এগৰাকী সেনা জোৱানৰ! ছুটীত ঘৰলৈ অহাৰ পিছতে এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লয় ৫ ভগ্নীৰ ভাতৃ সেনা জোৱানগৰাকীয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ ভৰতপুৰত। শুকুৰবাৰে ভৰতপুৰৰ চিকসানা থানা এলেকাৰ অন্তৰ্গত দাৰাপুৰ খুড়ত এখন টেম্প’ৰ খুন্দাত প্ৰাণ হেৰুৱায় ৩৫ বৰ্ষীয় সেনাৰ চুবেদাৰ লেখৰাজৰ।

উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ ২১ ৰাজপুত বেটেলিয়ানত চুবেদাৰ হিচাপে নিযুক্ত হৈ থকা লেখৰাজে ৫ দিন পূৰ্বে এমাহৰ ছুটি লা ৰাজস্থানৰ স্বগৃহলৈ আহিছিল। কাৰণ আছিল- ৫ ভগ্নীৰ পৰা ৰাখী পিন্ধা।

কিন্তু শুকুৰবাৰে দুপৰীয়া প্ৰায় ১২.৪৫ বজাত এটিএমৰ পৰা টকা উলিয়াবলৈ ঘৰৰ পৰা ওলাই অহাৰ পিছতে এখন টেম্প’ৱে পিছফালৰ পৰা লেখৰাজৰ বাইকত খুন্দা মৰাত গুৰুতৰভাৱে আহত সেনা জোৱানগৰাকী।

লগে লগে স্থানীয় লোকে লেখৰাজক হাস্পতাললৈ লৈ যায় যদিও তেতিয়ালৈকে মৃত্যু ঘটে জোৱানজনৰ। লেখৰাজৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰিছে তেওঁৰ পৰিয়াল।

উল্লেখ্য যে, লেখৰাজৰ ৫ ভগ্নীৰ ইতিমধ্যে বিবাহ সম্পন্ন হৈ গৈছে। ৰাখী উপলক্ষ্যে তৃতীয় ভগ্নী কমলেশ ঘৰলৈ আহিছিল যদিও বাকী ৪ ভগ্নী ক্ৰমে মুখান, নীৰজ, কৃপা আৰু আশা ঘৰলৈ অহাৰ বাবে বাট চাই আছিল সেনা জোৱানগৰাকী।

৪ সন্তানৰ পিতৃ সেনা জোৱানগৰাকীৰ মৃত্যুৱে শোকবিহ্বল কৰি তুলিছে তেওঁৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসীক।