শােকাৱহ! টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ পাইলট, চিকিৎসাধীন সহ-পাইলট

শােকাৱহ! টাৱাঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাত শ্বহীদ পাইলট, চিকিৎসাধীন সহ-পাইলট

October 5, 2022 Off By NEWS DESK

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত সংঘটিত হৈছে এক শােকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা।

ভাৰত-চীন সীমান্তৱৰ্তী টাৱাং জিলাৰ দুৰ্গম এলেকাত দুৰ্ঘটনাত পতিত হ’ল ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ।

নিয়মীয়া অনুশীলনৰ সময়তে টাৱাং জিলাৰ জিমিথাং ৰাজহ চক্ৰৰ এলেকাধীন নিয়ামজাং চু এলােকাত ভূপতিত হয় এই হেলিকপ্টাৰখন।

এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ পাইলট লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ শ্বহীদ হয়।

আনহাতে, সহ-পাইলট সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে।

ঘটনাৰ খবৰ লাভ কৰিয়েই সেনা-আৰক্ষীৰ উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।

সংকটজনক অৱস্থাত দুয়ােজনকে সমীপৱৰ্তী সেনাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও পাইলট লে কেৰ্ণেল সৌৰভ যাদৱৰ মৃত্যু ঘটে।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইট কৰি এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে।