শােকাৱহ! পথ দুৰ্ঘটনাত কৰুণ মৃত্যু মহাবিদ্যালয়ৰ প্ৰবক্তা অংকুৰ শইকীয়াৰ

নিউজ ডেস্ক। শিল, মাটি কঢ়িওৱা একাংশ ডাম্পাৰ চালকৰ দৌৰাত্ম্যৰ বাবেই ৰাজ্যত নিতৌ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

এইবাৰ ডাম্পাৰৰ সৈতে মাৰুতি এল্ট’ বাহনৰ মুখামুখি সংঘৰ্ষত প্ৰাণ গ’ল এগৰাকী যুৱ প্ৰবক্তাৰ।

P4

গোলাঘাট জিলাৰ ফৰকাটিঙৰ শিঙিজান দলঙৰ সমীপত মঙলবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

দুৰ্ঘটনাটোত থিতাতে মৃত্যু ঘটে ফৰকাটিং মহাবিদ্যালয়ৰ যুৱ প্ৰবক্তা অংকৰ শইকীয়াৰ।

P5

জানিব পৰা মতে, এএছ ০৩ ডব্লিউ ৪৫৪০ নম্বৰৰ এল্ট’ বাহনেৰে কলেজৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত এএছ ০২ বি ৫৫৮৫ নম্বৰৰ এখন ডাম্পাৰে খুন্দা মৰাত নিহত হয় প্ৰবক্তাগৰাকী।

G10

ইফালে, ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ চালক আৰু হেণ্ডিমেনজনো নিহত হয় বুলি জানিব পৰা গৈছে।

নিহত প্ৰবক্তাগৰাকীৰ ঘৰ যোৰহাটৰ নগাবাটত। তেওঁ স্থানীয় সত্যব্ৰত শইকীয়া আৰু বেবী হাজৰিকাৰ পুত্ৰ বুলি জানিব পৰা গৈছে।

G02

এই ঘটনাই ফৰকাটিং মহাবিদ্যালয় অধ্যাপক-কৰ্মচাৰী আৰু শিক্ষাৰ্থীবৃন্দৰ মাজত গভীৰ শােকৰ ছাঁ পেলাইছে।

Leave a Comment