শােকাৱহ পথ দুৰ্ঘটনাত ৩ সেনা জােৱানৰ মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। পাহৰৰ পৰা তললৈ খহি পৰিল সেনাৰ বাহন। ৩ সেনা জােৱানৰ মৃত্যু।

এই ঘটনাৰ স্থান ছিকিম। জানিব পৰা মতে, বুধবাৰে ছিকিমৰ জৱাহৰলাল নেহৰু পথৰ ৬ মাইলত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

পূব ছিকিমলৈ যাত্ৰা কৰি থকা এখন ট্ৰাক খাৱৈত পৰি যোৱাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে ভাৰত-চীন সীমান্তৰ ওচৰৰ টচমগো হ্ৰদ আৰু নাথুলাৰ সৈতে গেংটক সংযোগী নিউ জৱাহৰ লাল নেহৰু পথৰ ৬ মাইলত এই দুৰ্ঘটনাটো সংঘটিত হয়। য’ত তিনিজন সেনা জোৱান নিহত হোৱাৰ লগতে আন তিনিজন সেনা জোৱান গুৰুতৰভাৱে আহত হয়।

এই দুৰ্ঘটনাত নিহত দুজন জােৱান হিমাংশু (২੦) আৰু বৃজেশ (২১) ৰ ঘৰ উত্তৰাখণ্ডত।

আৰক্ষীয়ে জনোৱা অনুসৰি, কুমাওঁ ৰেজিমেণ্টৰ ছয়জন জোৱানে ছিকিমৰ ৰাজধানী গেংটক অভিমুখে যাত্ৰা কৰি যোৱা অৱস্থাত ট্ৰাক চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই আৰু ৬০০ ফুট তলৰ খাৱৈত বাগৰি পৰে। যাৰ ফলত চালক আৰু আন দুজন সেনা ঘটনাস্থলীত নিহত হয়।

এজন বিষয়াই জনোৱা অনুসৰি, প্ৰতিকূল বতৰৰ মাজত সেনা, সীমান্ত পথ নিৰ্মাণ সংস্থা, আৰক্ষী আৰু স্থানীয় লোকসকলে উদ্ধাৰ অভিযান চলাইছিল। অভিযানত তিনিজন সেনাক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

তেওঁলোকক গেংটকৰ এখন সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰৱৰ্তী সময়ত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে পশ্চিম বংগৰ শিলিগুৰিৰ এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয়।

Leave a Comment