দলং ভাঙি উফন্দি উঠা নৈত ডাম্পাৰসহ উটি যােৱা অসমৰ ৩ যুৱকৰ নাই কােনাে শুংসূত্ৰ

নিউজ ডেস্ক। মৌচুমীৰ আগমনৰ লগে লগে প্ৰবল বাৰিষই বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে অসমৰ প্ৰতিবেশী ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জিলাত।

ঠায়ে-ঠায়ে পাহাৰত সংঘটিত ভয়াৱহ ভূমি স্খলনৰ ফলত বন্ধ হৈ পৰিছে বাট-পথ।

আনহােতে, একাধিক ঠাইত উফন্দি উঠা নৈ-উপনৈয়ে উটুৱাই নিছে দলং। যাৰ ফলত বিভিন্ন অঞ্চলৰ সৈতে জিলা সদৰ সমূহৰ যােগাযােগাে সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে।

ইপিনে, চলিত সপ্ততাহৰ মংগলবাৰে ধেমাজী জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ সংগম বেইলী ব্ৰিজ বিধ্বস্ত হৈ ডাম্পাৰসহ নৈত উটি যােৱা জােনাইৰ ৩ যুৱকৰ এই পৰ্যন্ত নাই কােনাে সন্ধান।

বেয়া বতৰৰ বাবে ব্যাহত হৈছে এনডিআৰএফৰ উদ্ধান অভিযান।

NDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানো কোনো শুংসুত্ৰ উলিয়াব পৰা নাই সন্ধানহীন যুৱকত্ৰয়ৰ। নৈত তীব্ৰ সােঁতৰ লগতে বেয়া বতৰৰ বাবে বাধিত হৈছে উদ্ধাৰ অভিযান।

সন্ধানহীন যুৱক কেইজনৰ ঘৰ ধেমাজী জিলাৰ জােনাইত। এই ঘটনাক লৈ শােকাকুল পৰিৱেশেই বিৰাজ কৰিছে বৃহত্তৰ জােনাই অঞ্চলত।

উল্লেখ্য যে, এই দলংখন অঞ্চলবাসীৰ বাবে অতি গুৰুত্বপূৰ্ণ কিয়নো ই পাঙ্গিনক অৰুণাচলৰ চিয়াং জিলাৰ বোলেঙৰ সৈতে সংযোগ কৰিছে।

২০০০ ইং বৰ্ষত উক্ত ঠাইত থকা পকী দলং ক্ষতিসাধন হােৱাৰ পাছতে পুনৰ সেই ঠাইত এখন বেইলী ব্ৰিজ নিৰ্মাণ কৰা হৈছিল।

চিয়াং আৰু যােংমাে নৈত সংগমত নিৰ্মাণ কৰা এই দলংখন সামৰিক দৃষ্টিৰেও অতি গুৰুত্বপূৰ্ণ।

Leave a Comment