শােকাৱহ! বিষাক্ত সৰ্পৰ দংশনত প্ৰাণ গ’ল যুৱ সাংবাদিকৰ, শেষ শ্ৰদ্ধা জনালে অগণন লােকে…

নিউজ ডেস্ক। বিষাক্ত সৰ্পৰ দংশনৰ ফলত প্ৰাণ হেৰুৱালে এগৰাকী যুৱ সাংবাদিকে।

এই সাংবাদিকগৰাকীৰ নাম অসীমজ্যােতি বৰা।

মৃত্যুৰ সময়ত অসীমজ্যােতি বৰাৰ বয়স আছিল ৩৬ বছৰ।

মৃত্যুৰ সময়তে সাংবাদিকগৰাকীয়ে পত্নীৰ, দুবছৰীয়া কন্যা সন্তানৰ ইহ সংসাৰত এৰি থৈ যায়।

জানিব পৰা মতে, যােৱা ৩੦ জুলাই পুৱা ঘৰৰ পৰা ওলাই যােৱাৰ মুহূৰ্ততে বিষাক্ত সাপে দংশন কৰে অসীমজ্যােতি বৰাক।

ইয়াৰ পিছতে চিকিৎসাধীন অৱস্থাত থকা সাংবাদিক অসীমজ্যােতি বৰাই বুধবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

উল্লেখ্য যে ঘটনাৰ দিনাই পৰিয়ালৰ লোকে অসীমজ্যােতি বৰাক সমীপৱৰ্তী নুমলীগড় শোধনাগাৰৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্ত্তি কৰিছিল৷

কিন্তু ইয়াৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক আইচিইউত ৰাখি চিকিৎসকসকলে চিকিৎসা অব্যাহত ৰাখিছিল৷

তেওঁক ডিমৌ চিকিৎসা কেন্দ্ৰৰ চিকিৎসক ডাঃ সুৰজিৎ গিৰিক এনআৰএল-ৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়লৈ আনি বিশেষ চিকিৎসাৰ ব্যৱস্থা কৰে।

কিন্তু ইয়াৰ পিছতে তেওঁৰ স্বাস্থ্যৰ কোনো উন্নতি নঘটাত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লত ভৰ্তি কৰােৱা হয়।

বুধবাৰে অসীমজ্যোতি বৰাই জিএমচিএইচতে মৃত্যুৰে হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে।

অতি সৰবৰহী, সৰল, সদা-হাস্যমুখৰ যুৱ সাংবাদিকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে ৰাজ্যৰ সংবাদ মহলৰ গভীৰ শােকৰ ছাঁ পৰিছে।

বিভিন্ন দল-সংগঠন, ব্যক্তিয়ে যুৱ সাংবাদিকজনৰ অকাল মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।

বৃহস্পতিবাৰে সাংবাদিকজনৰ মৃতদেহ মৰঙি-নুমলীগড়লৈ নিয়া হয়।

অসংখ্য লােকৰ উপস্থিতিত স্থানীয় তেলগৰম ৰঙ্গমঞ্চত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনােৱা হয় সাংবাদিক অসীমজ্যােতি বৰাক।

1 thought on “শােকাৱহ! বিষাক্ত সৰ্পৰ দংশনত প্ৰাণ গ’ল যুৱ সাংবাদিকৰ, শেষ শ্ৰদ্ধা জনালে অগণন লােকে…”

Comments are closed.