শােকাৱহ! শ্ৰেণী কােঠাত ঢলি পৰি ছাত্ৰ- সুদক্ষ ভলীবল খেলুৱৈৰ অকাল মৃত্যু

নিউজ ডেস্ক। এক শােকাৱহ ঘটনা।

বিদ্যালয়ৰ শ্ৰেণীকােঠাতে ঢলি পৰি মৃত্যু ঘটিল এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ তথা সুদক্ষ ভলীবল খেলুৱৈৰ।

এই শােকাৱহ ঘটনাই জােকাৰি গ’ল ওদালগুৰি জিলাৰ ভেৰগাঁও অঞ্চল।

জানিব পৰা মতে, সােমবাৰে পুৱা প্ৰায় ১০.৩০ বজাত ভেৰগাঁও উচ্চ বিদ্যাপীঠৰ এগৰাকী শিক্ষয়িত্ৰীয়ে নৱম শ্ৰেণীৰ কোঠাত পাঠদান কৰি থকা অৱস্থাত ছাত্ৰ এজন অসুস্থ হৈ হঠাতে পিচফালৰ পৰা হাউলি পৰাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে।

পিচত শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰধান শিক্ষক আৰু শ্ৰেণীটোৰ শিক্ষাৰ্থীৰ সহযোগত অন্য এটা মুকলি কোঠালৈ ছাত্ৰজনক নি শুৱাই থৈ শুশ্ৰূষা কৰে যদিও ছাত্ৰজন অচেতন হৈ পৰে।

এনে পৰিস্থিতিত ততাতৈয়াকৈ ওচৰৰে ভেৰগাঁও মডেল হাস্পতালত ছাত্ৰজনক ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে ইতিমধ্যে ছাত্ৰজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰে।

অকালতে আকস্মিকভাৱে মৃত্যুক সাবটি লোৱা উক্ত ছাত্ৰজন ভেৰগাঁৱৰ সমীপৰ খুছিগাঁৱৰ প্ৰভাত ৰাভা নামৰ দৰিদ্ৰ লোকজনৰ একমাত্ৰ পুত্ৰ সন্তান ধৰ্মেন্দ্ৰ ৰাভা।

ধৰ্মেন্দ্ৰই মাথোঁ দুমাহ পূৰ্বে ভেৰগাঁও উচ্চ বিদ্যাপীঠত নৱম শ্ৰেণীত নামভৰ্তি ছাত্ৰৰ অকাল মৃত্যু কৰাইছিল।

শ্ৰেণীকোঠাতে অমায়িক ছাত্ৰজনৰ অকাল মৃত্যুৰ খবৰ পাই গাঁওবাসীৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী , শিক্ষাৰ্থীসকল শোকত ভাগি পৰে।

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীসকলে প্ৰয়াত ছাত্ৰজনৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে৷

ইপিনে বিদ্যালয়খনৰ নৱম শ্ৰেণীৰ ছাত্ৰ ধৰ্মেন্দ্ৰ ৰাভাৰ মৃত্যুত ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ভেৰগাঁও আঞ্চলিক এবছু, ভেৰগাঁও উচ্চ বিদ্যাপীঠৰ বিদ্যালয় পৰিচালনা সমিতি, ভেৰগাঁও সাহিত্য সভা, ভেৰগাঁও প্ৰেছ ক্লাব, ভেৰগাঁও ব্যৱসায়ী সন্থা, ভেৰগাঁও আঞ্চলিক উন্নয়ন সমিতি আদি বিভিন্ন সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে।

সৰবৰহী তথা সামাজিক কামৰ প্ৰতি অনুৰাগী ধৰ্মেন্দ্ৰই পিতৃ মাতৃৰ লগতে জ্যেষ্ঠ ভগ্নী আৰু কনিষ্ঠ ভগ্নীক ইহসংসাৰত এৰি থৈ যায়।

জানিব পৰা মতে, প্ৰয়াত ধৰ্মেন্দ্ৰ ৰাভা ভেৰগাঁও ভলীবল কোচিং চেণ্টাৰৰ সুদক্ষ খেলুৱৈ আছিল।

যোৱা 18,19 আৰু 20 ফেব্ৰুৱাৰী 2022 তাৰিখে দৰঙৰ হাজৰিকা পাৰাত অনুষ্ঠিত হোৱা সদৌ অসম আন্ত জিলা (চাব-জুনিয়ৰ)ভলীবল প্ৰতিযোগিতাত ভেৰগাঁও জিলাৰ হৈ অংশ গ্ৰহণ কৰিছিল আৰু অসম ভলীবল মিছন 100 ব্ৰহ্মপুত্ৰ ভলীবল প্ৰতিযোগিতাত সক্ৰিয় অংশগ্ৰহণ কৰিছিল।

Leave a Comment