মৰ্মান্তিক! জীয়েকৰ বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ আত্মীয়ৰ ঘৰত মৃত্যু মাতৃৰ

নিউজ ডেস্ক। এক কৰুণ ঘটনা।

নিজৰ একমাত্ৰ কন্যাৰ বিয়াৰ প্ৰস্তুতিৰ মাজতে প্ৰাণ গ’ল মাতৃৰ।

এই ঘটনাই কামৰূপ জিলাৰ হাজোবাসীৰ মন বিষাদেৰে ভৰাই তুলিছে।

নিজৰ জীয়েকৰ বিয়াৰ নিমন্ত্ৰণ জনাবলৈ গৈ কণিকা ভূঞা নামৰ এগৰাকী মাতৃয়ে আত্মীয়ৰ ঘৰত কৰুণ মৃত‍্যুক সাবতি লয়।

জানিব পৰা মতে, কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বিষ্ণুপুৰ গাওঁ নিবাসী হৰমোহন ভূঞাৰ পত্নী কণিকাই মঙলবাৰে দক্ষিণ কামৰূপৰ আত্মীয়ৰ ঘৰত বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈছিল।

তাতে মহিলাগৰাকী ৰাতিলৈ তীব্র পেটৰ বিষত আক্ৰান্ত হয়।

আত্মীয় লোকে ৰাতিয়ে ততাতৈয়াকৈ ৰামপুৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও পুৱালৈ মহিলাগৰাকী শৌচ আৰু বমি কৰিবলৈ আৰম্ভ কৰে।

অৱশেষত দুপৰীয়া মহিলাগৰাকীক চিকিৎসকে মৃত ঘোষণা কৰে। মহিলা গৰাকীৰ মৃতদেহ ইতিমধ্যেই নিজ গৃহলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ‍্য মহিলাগৰাকীৰ একমাত্ৰ কন্যা জ‍্যোৎস্না ভূঞাৰ অহা ২৫ মেত শুভ বিবাহৰ দিন ধাৰ্য‍্য কৰা হৈছিল।

কিন্তু তাৰ আগতেই মহিলা গৰাকীয়ে এনেদৰে কৰুণ মৃত‍্যুক সাবতি লোৱা ঘটনাই সমগ্র অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

লগতে চাওকঃ

প্ৰকৃতাৰ্থত ভগৱানৰ ৰূপ! মৃত্যুৰ পিছতো ৩ জনক নতুন জীৱন দি গ’ল এগৰাকী মহিলা চিকিৎসকে…

Leave a Comment