শাৰীৰিক প্ৰতিবন্ধকতা নেওচি সাহিত্য জগতত উজলিছে হিয়া…

নিউজ ডেস্ক। ইচ্ছা, একাগ্ৰতা তথা নিৰলস সাধনা থাকিলে যে শাৰীৰিক প্ৰতিবন্ধকতা হেলাৰঙে অতিক্ৰম কৰিব পৰা যায় সেয়া প্ৰমাণ কৰি দেখুৱালে বস্ত্ৰ নগৰী শুৱালকুছিৰ এগৰাকী বিশেষভাৱে সক্ষম যুৱতীয়ে।

শুৱালকুছিৰ ৰুদ্ৰ দাস আৰু জীনা দাসৰ কন্যা হিয়া দাসক শাৰীৰিক অক্ষমতাই যেন বাধা দি ৰাখিব পৰা নাই।

see

হিয়াই সৰুৰে পৰা খোজকাঢ়িব নোৱাৰে, বিকল তাইৰ দুয়োখন ভৰি, এখন হাত তাইৰ কাৰ্যক্ষম নহয়, হুইল চেয়াৰকে সম্বল কৰি চলা-ফুৰা কৰা হিয়াই হুইল চেয়াৰত বহিয়েই কবিতা লিখি কাব্য চৰ্চা অব্যাহত ৰাখিছে।

সৰুৰে পৰা কাব্য চৰ্চা কৰি অহা হিয়াৰ সাত জানুৱাৰীত উত্তৰ-পূব গ্ৰন্থমেলাত মুকলি হ’ব নতুন গল্প সংকলন ‘গংগোত্ৰী’।

se

গ্ৰন্থখন সদৌ অসম কবি মঞ্চই প্ৰকাশ কৰি উলিয়াইছে। হুইল চেয়াৰকে সম্বল কৰি চলা-ফুৰা কৰা হিয়াই ৰাজ্যৰ ভালেমান মঞ্চত কবিতা পাঠ কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।

899

আনুষ্ঠানিক শিক্ষা অবিহনে হিয়াই ‘শব্দৰ আলিংগনত নৈশ শব্দ’ নামৰ কবিতা সংকলনখনৰ বাবে দিল্লীৰ মেজিক বুক অব ৰেকৰ্ডছ নামৰ কেন্দ্ৰৰ অনুমোদিত সংস্থাটোৰ পৰা ‘আইকন বঁটা’ বিগত বৰ্ষৰ ২১ জানুৱাৰীত লাভ কৰিবলৈ সক্ষম হৈছে।

aq

কবি, সাহিত্যিক, সমাজসেৱিকা হিচাপে উক্ত বঁটা অসমৰ বস্ত্ৰ নগৰী শুৱালকুছিৰ হিয়া দাসক প্ৰদান কৰিছিল।

ঘৰুৱা শিক্ষাৰে যুঁজত অগ্ৰসৰ হোৱা হিয়া সকলোৰে বাবে প্ৰেৰণাৰ উৎস হিচাপে বিগত বৰ্ষত চিহ্নিত হৈছে।

হিয়াৰ এনে সফলতা নিশ্চয়কা বিদায়ী বৰ্ষ আৰু নৱবৰ্ষত এক ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে।

Leave a Comment