উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱী…

উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ অসম সচিবালয়ৰ কৰ্মচাৰী সীমা দেৱী।

দুৰ্নীতি নিবাৰণ শাখাই গ্ৰেপ্তাৰ কৰে সীমা দেৱীক।

৪ হাজাৰ টকা উৎকোচ লৈ জালত পৰিল কৰ্মচাৰী গৰাকী।

এগৰাকী লোকৰ পৰা ৪ হাজাৰ টকাৰ উৎকোচ লোৱাৰ অভিযোগ সীমা দেৱীৰ বিৰুদ্ধে।

চাৰি হাজাৰ টকাৰ উৎকোচ লোৱাৰ সময়তে লোকজনৰ লগত ছদ্মবেশ ধৰি যোৱা দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰে সীমা দেৱীক।

বৰ্তমান ভঙাগড়স্থিত দুৰ্নীতি নিবাৰক শাখাৰ কাৰ্য্যালয়লৈ নিয়া হৈছে সীমাক।

মঙ্গলবাৰে দুপৰীয়া ভাগত গ্ৰেপ্তাৰ হয় সীমা দেৱীক।

এই মহিলা কৰ্মচাৰীগৰাকীৰ পাৰ্ছৰ পৰা নগদ ৯৯ হাজাৰ টকাও জব্দ কৰে অভিযানকাৰী দলটােৱে।

জানিব পৰা মতে, এজন লােকৰ ফাইলৰ কাম আগবঢ়াই দিয়াৰ বিনিময়ত ১੦ হাজাৰ টকাৰ ঘােচ বিচাৰিছিল সীমা দেৱীয়ে।

কিন্তু ভুক্তভােগী লােকজনে এই বিষয়ে দুৰ্নীতি নিবাৰকৰ কাষ চপাত ঘােচ লৈ হাতে-লােটে ধৰা পৰে এই দুৰ্নীতি পৰায়ণ কৰ্মচাৰীগৰাকী।

লগতে চাওকঃ

শাৰীৰিক প্ৰতিবন্ধকতা নেওচি সাহিত্য জগতত উজলিছে হিয়া…

Leave a Comment