
শিহৰণকাৰী! কােলাত কেচুৱা লৈ জলপ্ৰপাতত আবদ্ধ হৈ পৰিল মাতৃ, তাৰ পাছত ঘটিল এই ঘটনা…
October 28, 2021নিউজ ডেস্ক। এক শিহৰণকাৰী দৃশ্য। যিটো দেখিলে আপোনাৰো বুকু কঁপি উঠিব।
হঠাৎ অহা প্ৰচণ্ড বানত আৱদ্ধ কোলাৰ কেচুৱা সহ জল প্ৰপাতত আবদ্ধ হৈ পৰিল এগৰাকী মহিলা।
মহিলাগৰাকীক উদ্ধাৰৰ বাবে চলিল এক শ্বাসৰুদ্ধকৰ অভিযান।
এই দৃশ্য তামিলনাডুৰ চালেম জিলাৰ আত্তুৰৰ ওচৰৰ কালভাৰায়ন পাহাৰৰ।
আনাইভাৰী জলপ্ৰপাতৰ প্ৰৱল বানত আৱদ্ধ শিশু মহিলাক উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলটোৱে। যোৱা দেওবাৰে সংঘটিত হয় এই ঘটনা। বৰ্তমান এই দৃশ্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।
প্ৰায় দুই মিনিটতৰ ভিডিঅ’টোত দেখা অনুসৰি, এগৰাকী মহিলাক প্ৰচণ্ড পানীৰ কাষত তেওঁৰ কেচুৱাটিক ধৰি শিলৰ ওপৰত বহি থকা দেখা গৈছে।
তেওঁৰ ওপৰত কেইজনমান উদ্ধাৰকাৰীয়ে ৰছী ব্যৱহাৰ কৰি তেওঁক ওপৰলৈ উঠাই নিবলৈ চেষ্টা কৰিছে।
A dramatic rescue operation carried out by forest dept officials in Tamil Nadu’s Attur was widely appreciated, including by CM MK Stalin, after visuals of the incident went viral.#Tamilnadu pic.twitter.com/TnI8CzEcLq
— Surya Reddy (@jsuryareddy67) October 26, 2021
জলপ্ৰপাতৰ সিপাৰে থিয় হৈ থকা লোকসকলে চিঞৰ বাখৰ কৰা দেখা গৈছে আৰু উদ্ধাৰকাৰী লোক সকলক মহিলা গৰাকী পৰি যোৱাৰ বাবে বগাব নিদিবলৈ কোৱা শুনা গৈছে।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল
তাৰ পিছত দলটোৱে শিশুটিক মহিলা গৰাকীৰ পৰা লৈ আনে আৰু আন উদ্ধাৰকাৰীক দি ওপৰলৈ লৈ যায়। আৰু তাৰ পিছত মহিলাগৰাকীক সাৱধানে তুলি অনা দেখা গৈছে।
মাতৃ আৰু শিশু বিপদমুক্ত যেন দেখিবলৈ পোৱা যায়। কিন্তু দলটোৰ দুজন ব্যক্তিয়ে হঠাতে ভাৰসাম্য হেৰুৱাই পানীত পৰি যায়।
যদিও ভিডিঅ’টো সেই মুহূৰ্তত শেষ হয়, দুয়োজন ব্যক্তিয়ে নদীৰ আনটো ফালে সাঁতুৰি গৈ সুৰক্ষিতভাৱে পাৰলৈ উঠে বুলি জানিব পৰা যায়।
চালেম জিলা ডিএফঅ’ কে গৌথামে কয় যে, “ঘটনাটোৰ পিছত কোনো মৃত্যু বা আঘাতৰ খবৰ পোৱা হোৱা নাই। আনাইভাৰী মুত্তাল হৈছে এক নিৰ্ধাৰিত পৰিৱেশ-পৰ্যটন স্থান। কল্লৱৰায়ণ পাহাৰৰ বৰষুণৰ পানী এই জলপ্ৰপাতত নামি আহে। এয়া হৈছে আত্তুৰ অঞ্চল। এই পাহাৰৰ সিপাৰে থকা কাৰ্ণুডি অঞ্চলত বৰষুণ হোৱাৰ কথা মানুহে একো জনা নাছিল। ২০-৩০ মিনিটৰ ভিতৰত অঞ্চলটোত আকস্মিক বানপানী হয়। এইটো প্ৰতি বছৰে হয়। এইবাৰ পানীৰ পৰিমাণ অধিক আছিল। মানুহবোৰ জলপ্ৰপাতৰ কাষত আৱদ্ধ হৈ পৰিছিল। তাত কোনো পথ নাছিল, তেওঁলোকে কেৱল ৰছী ব্যৱহাৰ কৰি আনটো ফালে যাব পাৰিছিল। যিহেতু আমাৰ লোকসকলক ইতিমধ্যে এনে পৰিস্থিতিৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল, তেওঁলোকে লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিছিল। আমি লগে লগে ঠাইডোখৰ খালী কৰি দিছিলো আৰু অঞ্চলটো বন্ধ কৰাৰ নিৰ্দেশ দিছিলো।”
“தாயையும் சேயையும் காப்பாற்றியவர்களின் தீரமிக்க செயல் பாராட்டுக்குரியது; அரசால் சிறப்பிக்கப்படுவார்கள்.
— CMOTamilNadu (@CMOTamilnadu) October 26, 2021
தன்னுயிர் பாராது பிறரது உயிர் காக்க துணிந்த அவர்களது தீரத்தில் மனிதநேயமே ஒளிர்கிறது! ” என மாண்புமிகு முதலமைச்சர் @mkstalin அவர்கள் தெரிவித்துள்ளார். pic.twitter.com/phJWrYLCwi
ডিএফঅ’য়ে লগতে কয় যে, “কোভিড-১৯ শিথিলতাৰ অংশ হিচাপে ঠাইখন দুমাহ পূৰ্বে জনসাধাৰণৰ বাবে পুনৰ মুকলি কৰা হৈছিল। বতৰৰ পৰিস্থিতিৰ বাবে পৰৱৰ্তী জাননী নোপোৱালৈকে আনাইভাৰী মুত্তাল জলপ্ৰপাত, ভালুক্কুপাৰাই আৰু য়েৰকাউডৰ আৰু এটা পৰ্যটন স্থান বন্ধ ৰখাৰ নিৰ্দেশ দিয়া হৈছে। ক্ষেত্ৰ প্ৰতিবেদন এতিয়াও মোৰ ওচৰলৈ আহিবলৈ বাকী আছে। তাৰ পিছতহে আমি উদ্ধাৰ হোৱা লোকসকলৰ বিৱৰণ জানিব পাৰিম।”