শীঘ্ৰে ১২৯৮ গৰাকী গ্ৰেছ মাৰ্কপ্ৰাপ্ত টেট শিক্ষকক নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰেঃ ঘোষণা শিক্ষামন্ত্ৰীৰ

শীঘ্ৰে ১২৯৮ গৰাকী গ্ৰেছ মাৰ্কপ্ৰাপ্ত টেট শিক্ষকক নিযুক্তি প্ৰদান কৰিব ৰাজ্য চৰকাৰেঃ ঘোষণা শিক্ষামন্ত্ৰীৰ

September 20, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ অতি শীঘ্ৰে ১২৯৮ গৰাকী গ্ৰেছ মাৰ্কপ্ৰাপ্ত টেট উত্তীৰ্ণ শিক্ষকক নিযুক্তি দিব ৰাজ্য চৰকাৰে। -এই ঘোষণা কৰিছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে।

সমগ্ৰ শিক্ষা অভিযানৰ কাৰ্যালয়ত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী পেগুৱে কয় যে গ্ৰেছ মাৰ্কপ্ৰাপ্ত টেট শিক্ষকৰ বিষয় সন্দৰ্ভত আদালতত গোচৰ চলি আছে যদিও ইতিমধ্যে উচ্চ ন্যায়ালয়ে দিয়া বাধা দূৰ হৈছে।

অসমৰ বিদ্যালয়ত শিক্ষকৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নিযুক্তি প্ৰক্ৰিয়া খৰকতীয়া কৰা হৈছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী পেগুৱে। তেওঁ জানিবলৈ দিয়া মতে, অহা ২৩ ছেপ্টেম্বৰত ১২৯৮ গৰাকী গ্ৰেছ মাৰ্ক প্ৰাপ্ত শিক্ষকক নিযুক্তি দিয়া হ’ব। অৱশ্যে এই নিযুক্তি চৰ্তসাপেক্ষে প্ৰদান কৰা হ’ব বুলিও মন্তব্য কৰে ৰণোজ পেগুৱে।

তেওঁ কয় যে, নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰে ন্যায়ালয়ৰ চূড়ান্ত সিদ্ধান্তও পালন কৰিব। অন্যহাতে ২০১১ চনৰ পৰা বৰ্তমানলৈকে ৰাজ্যত ২ লক্ষাধিক শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছে বুলি জানিবলৈ দি শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কয় যে পূৰ্বে কেতিয়াও ইমান দ্ৰুতভাৱে শিক্ষক নিযুক্তি দিয়া হোৱা নাছিল।

অন্যহাতে একে সময়তে ৭১২ গৰাকী কলেজ শিক্ষককো নিযুক্তি প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰী পেগুৱে। শীঘ্ৰে ৰাজ্যত পুনৰ ১০ হাজাৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰদানৰ বাবে চৰকাৰে অহৰ্নিশে কাম কৰি আছে বুলি জানিবলৈ দি পেগুৱে লগতে কয় যে ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগত পুনৰ ৪৮১৭ গৰাকী নিবনুৱা যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰা হ’ব।