বহিঃৰাজ্যৰ হাস্পতালত মৃত্যু ৮ মাহ ধৰি সন্ধানহীন হৈ থকা নুমলীগড়ৰ ভানুৰ, খবৰ লাভ কৰি শোকস্তব্ধ পৰিয়াল

নিউজ ডেস্কঃ ৮ মাহ ধৰি সন্ধানহীন হৈ থকাৰ পিছত হঠাৎ কন্যাৰ মৃত্যুৰ খবৰ পাই শোকস্তব্ধ হৈ পৰিছে ভানু দাসৰ পৰিয়াল। বহিঃৰাজ্যৰ এখন হাস্পতালত অসমৰ যুৱতীগৰাকীৰ মৃত্যু ঘটা বুলি বাতৰি লাভ কৰাৰ পিছতে শোকত ভাগি পৰে পৰিয়ালটো।

ইফালে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। যুৱতীগৰাকীৰ মৃত্যু সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলেও আৰক্ষীয়ে গোচৰ ৰুজু কৰিবলৈ অস্বীকাৰ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

দৰাচলতে বিগত ৮ মাহ পূৰ্বে সন্ধানহীন হৈছিল নুমলীগড়ৰ মৰঙী মৌজাৰ মুৰফুলনীৰ কৰ্দৈগুৰিৰ ভানু দাস নামৰ যুৱতীগৰাকী। যুৱতী গৰাকী সন্ধানহীন হোৱাৰ পিছত সাগৰ লামা আৰু নানো নামৰ এগৰাকী মহিলাই যুৱতীগৰাকীক অপহৰণ কৰাৰ অভিযোগ তুলি বগীজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালে।

কিন্তু সেই সময়তো বগীজান আৰক্ষীয়ে যুৱতীগৰাকীৰ সন্ধানত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালে। ভানু দাসৰ সন্ধান বিচাৰি পৰিয়ালে হাবাথুৰি খাই এদিন দুদিনকৈ পাৰ কৰিছিল ৮টাকৈ মাহ।

তাৰ পিছতে চেন্নাইৰ চেংগালপট্টু মেডিকেল কলেজ হাস্পতালত যুৱতীগৰাকীৰ মৃত্যু ঘটা বুলি খবৰ লাভ কৰে পৰিয়ালে। নুমলীগড়ৰ যুৱতীগৰাকী কিদৰে চেন্নাই গৈ পালে তাক লৈ ৰহস্য সৃষ্টি হোৱাৰ মাজতে তেওঁক অপহৰণ কৰা সাগৰ লামা আৰু নানো নামৰ পুৰুষ-মহিলা দুগৰাকীয়ে তেওঁক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালে।

ইফালে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বগীজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলৈ যায় যদিও এয়া চেন্নাইৰ ঘটনা, গতিকে চেন্নাই আৰক্ষীয়ে গোচৰ ৰুজু কৰিব বুলি দায়িত্ব সামৰি গোচৰ ৰুজু নকৰাৰ অভিযোগ তুলিছে পৰিয়ালে।

অসমৰ যুৱতীগৰাকীৰ বহিঃৰাজ্যত মৃত্যুৰ বাতৰিয়ে সমগ্ৰ নুমলীগড়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে।