শোকবাহ! ভুল দিশেৰে আহি বাইক আৰোহীক প্ৰচণ্ড খুন্দা পিকআপৰ, আৰক্ষী জোৱানৰ মৃত্যু

নিউজ ডেস্কঃ ভুল দিশেৰে অহা পিকআপ ভানৰ খুন্দাত প্ৰাণ হেৰুৱাবলগীয়া হ’ল এগৰাকী বাইক আৰোহী আৰক্ষী জোৱান।

বঙাইগাঁও জিলাৰ বইটামাৰীৰ বৰখাতাৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।

জানিব পৰা মতে, ধুবুৰী জিলাৰ বহলপুৰৰ নিৱাসী তথা অভয়াপুৰী আৰক্ষী থানাৰ জোৱান খজেন্দ্ৰ সিংহই এ এছ ১৯ জে ০৮৫৩ নম্বৰৰ বাইকেৰে গৈ থকা সময়ত ভুল দিশেৰে আহি এএছ ১৯এচি ৪৭১৩ নম্বৰৰ পিকআপ ভানখনে তেওঁক খুন্দা মাৰে।

এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱায় আৰক্ষী জোৱান খজেন্দ্ৰ সিংহই।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিহত জোৱানজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰে।