শোকাবহ! কুঁৱা পৰিস্কাৰ কৰি থকাৰ সময়তে কৰুণ মৃত্যু ৪ শ্ৰমিকৰ…

শোকাবহ! কুঁৱা পৰিস্কাৰ কৰি থকাৰ সময়তে কৰুণ মৃত্যু ৪ শ্ৰমিকৰ…

October 29, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ হাইলাকান্দি জিলাত শনিবাৰে এটা দ কুঁৱা পৰিস্কাৰ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ কৰুণ মৃত্যুক সাৱটি লয় ৪ জনকৈ শ্ৰমিকে।

এই দুৰ্ঘটনাত এজন শ্ৰমিক গুৰুতৰভাৱে আহত হোৱা বুলিও জানিব পৰা গৈছে।

জানিব পৰা মতে, আলগাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বকৰীহাৱাৰ খণ্ড-১ত এটা পৰিয়ালৰ এটা দ কুঁৱা পৰিস্কাৰ কৰি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত নিহত শ্ৰমিক কেইজনক ৰছিদ আহমেদ, নাজিম উদ্দিন, আবু চুহেল আৰু হাছিব উদ্দিন বুলি চিনাক্ত কৰা হছে।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত এছডিআৰএফ বাহিনী উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰাৰ লগতে আহত শ্ৰমিকজনক চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।