
শোকাবহ! ঘৰৰ কাষত খেলি থাকোতেই দ খাৱৈত পিচলি পৰি কৰুণ মৃত্যু ২ কণমানিৰ…
September 23, 2022নিউজ ডেস্কঃ ঘৰৰ কাষত খেলি থাকোতেই দ খাৱৈত পিচলি পৰি প্ৰাণ হেৰুৱালে দুটি কণমানি শিশুৱে। এই ঘটনাই শোকৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাৰ কুমাৰকটা গাঁৱত।
জানিব পৰা মতে, জিলাখনৰ যোগীঘোপা আৰক্ষী থানাৰ অন্তৰ্গত কুমাৰকটা চতুৰ্থ খণ্ড (বৈৰাগীপাৰা) গাঁৱৰ দুটি কণমানি শিশুৱে ঘৰৰ কাষত খেলি থকা সময়তে হঠাৎ দ খাৱৈত বাগৰি পৰে।

পিছত স্থানীয় লোকে শিশু দুটিক উদ্ধাৰ কৰি হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে দুয়োটি শিশুকে মৃত ঘোষণা কৰে।
মৃত শিশু দুটি গাঁওখনৰ বৈদ্য পালৰ পুত্ৰ অপূৰ্ব পাল (৪) আৰু কংস ৰায়ৰ পুত্ৰ কৃষ্ণ ৰায় (৫) বুলি জানিব পৰা গৈছে।
শিশু দুটিৰ মৃত্যুৱে দুয়োটা পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসীক শোকবিহ্বল কৰি তুলিছে।