শোকাবহ! নৈত গা ধুবলৈ নামি সাঁতুৰিব নজনাৰ বাবেই সলিল সমাধি ঘটিল নৱনীতৰ…

নিউজ ডেস্কঃ বন্ধুৰ সৈতে নৈত গা ধুবলৈ গৈ পিছলি পৰি সলিল সমাধি ঘটিল এজন চফল যুৱকৰ।

সোমবাৰে মাজুলীৰ আউনীআটি অঞ্চলৰ জুগুনীধাৰী গাঁৱৰ সমীপত ব্ৰহ্মপুত্ৰত সংঘটিত এই ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ মাজুলীত।

জানিব পৰা মতে, জুগুনীধাৰী গাঁৱৰ নিৱাসী অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট শিল্পী গুণীন বৰাৰ একমাত্ৰ পুত্ৰ নৱনীত বৰাই সোমবাৰে দুপৰীয়া আলহী হিচাপে অহা আন দুজন ছাত্ৰৰ সৈতে গাঁৱৰ নাতিদূৰৈৰ ঘাটলৈ গা ধুবলৈ গৈছিল।

কিন্তু গা ধুই থাকোতেই হঠাৎ দ পানীত পিচলি পৰে নৱনীত।

লগে লগে লগৰীয়া এজনে যুৱকজনক বচাবলৈ চেষ্টা কৰে যদিও তেৱোঁ ডুবিবলৈ ধৰাত তৃতীয়জনে কোনোমতে তেওঁক ৰক্ষা কৰিবলৈ সক্ষম হয়। কিন্তু পাৰলৈ তুলি অনাত ব্যৰ্থ হয় নৱনীতক।

ইফালে নৱনীত নৈত ডুব যোৱাত লগৰীয়া দুজনে চিঞৰ বাখৰ কৰাত আধাঘণ্টামান পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ যুৱকজনক পাৰলৈ তুলি আনে যদিও তেতিয়ালৈকে মৃত্যু ঘটে নৱনীতৰ।

পৰৱৰ্তী সময়ত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰায়লক চমজাই দিয়ে।

স্নাতক মহলাৰ মেধাৱী ছাত্ৰজনৰ এনে অকাল মৃত্যুৱে শোকৰ বন্যা নমাইছে সমগ্ৰ মাজুলীত।