শোকাবহ! পথাৰত বিষাক্ত সৰ্পৰ দংশনত মৃত্যু কৃষকৰ…

শোকাবহ! পথাৰত বিষাক্ত সৰ্পৰ দংশনত মৃত্যু কৃষকৰ…

August 8, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ পথাৰত কাম কৰি থকা সময়তে সৰ্প দংশনৰ ফলত প্ৰাণ হেৰুৱালে এজন কৃষকে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ কাটুৰীয়াত।

জানিব পৰা মতে, কাটুৰীয়াৰ নিৱাসী তথা সাধাৰণ খেতিয়ক বৰুণ বড়ো (৪৫)য়ে দেওবাৰে পুৱা পথাৰত ভুঁই ৰুই থকা সময়তে তেওঁৰ সোঁভৰিৰ কেইবা ঠাইতো বিষাক্ত সাপে দংশন কৰে।

লগে লগে পথাৰৰ ওচৰৰে এটা কৃষক পৰিয়ালৰ সহযোগত ব্যক্তিজনক নলবাৰীৰ ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ অনা হয়। কিন্তু চিকিৎসালয়ত কিছু সময় চিকিৎসাধীন হৈ থকাৰ পিছত চিকিৎসকে বৰুণ বড়োক মৃত ঘোষণা কৰে।

পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী তথা দুটি সন্তানৰ পিতৃ বৰুণ বড়োৰ এই আকস্মিক মৃত্যুত শোকত ভাগি পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চল।

লগতে চাওকঃ

চাঞ্চল্যকৰ! থানাৰ ভিতৰতে মূৰত গুলীয়াই নিজৰ জীৱন শেষ কৰিলে অসম আৰক্ষীৰ এগৰাকী উপ-পৰিদৰ্শকে