শোকাবহ! পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে দুজনৰ, ক্ষুব্ধ ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন…

শোকাবহ! পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে দুজনৰ, ক্ষুব্ধ ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন…

January 28, 2023 Off By NEWS DESK

নিউজ ডেস্কঃ চেঙেলীয়া চালকে চলোৱা ডাম্পাৰৰ দৌৰাত্ম্যই পুনৰ প্ৰাণ কাঢ়িলে দুজন লোকৰ।

শনিবাৰে ৰঙিয়াত তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিয়াৰ ফলত প্ৰাণ হেৰুৱায় লোক দুজনে।

ৰঙিয়া তিনিআলিত সংঘটিত এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

একাংশ ক্ষুব্ধ ৰাইজে এই ঘটনাৰ প্ৰতিবাদত দুৰ্ঘটনা সংঘটিত কৰা এএছ ২৫ইচি ৯৩৫৯ নম্বৰৰ ডাম্পাৰখনত আক্ৰমণ কৰাৰ লগতে অগ্নিসংযোগ কৰে।

ইফালে দুৰ্ঘটনাত নিহত দুজনক নাজিম আলী আৰু হাকিম আলী বুলি চিনাক্ত কৰা হৈছে।

নিহত দুয়োজনৰে ঘৰ ৰঙিয়াৰ গোগমালাছাত।

আনহাতে ডাম্পাৰৰ দৌৰাত্ম্যৰ বিৰুদ্ধে ক্ষুব্ধ ৰাইজে ৰঙিয়া-ভূটান পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।