শোকাবহ! প্ৰেয়সীক ছুৰীকাঘাত কৰি প্ৰেমিকে বাচি ল’লে এই পথ…

শোকাবহ! প্ৰেয়সীক ছুৰীকাঘাত কৰি প্ৰেমিকে বাচি ল’লে এই পথ…

August 18, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ প্ৰেয়সীক ছুৰীকাঘাত কৰি নিজেও আত্মহত্যা কৰিলে এজন যুৱকে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে টীয়কৰ কাকজানত।

জানিব পৰা মতে, তেজপুৰৰ মফিজুল ইছলাম নামৰ যুৱকজনে প্ৰেয়সীক ছুৰীৰে আঘাত কৰি হত্যা কৰাৰ পিছত বাচি লয় আত্মহত্যাৰ পথ।

নিহত যুৱতীগৰাকীৰ ঘৰ অভয়াপুৰীত বুলি জানিব পৰা গৈছে। যুৱকজনে কি কাৰণত এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

ইফালে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰহণ কৰা ভূমিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰে ৰাইজে।

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

লগতে চাওকঃ

মৰ্মান্তিক! পৰপৰুষুৰ সৈতে পলাই গ’ল পত্নী, বিৰহতে দুই সন্তানৰ পিতৃ দ্বিপুল শইকীয়াই সংঘটিত কৰিলে ভয়ানক কাণ্ড…