মৰ্মান্তিক! পৰপুৰুষৰ সৈতে পলাই গ’ল পত্নী, বিৰহতে স্বামীয়ে ল’লে এই সিদ্ধান্ত…

নিউজ ডেস্কঃ পৰপুৰুষৰ সৈতে পত্নী পলাই যোৱাৰ বিৰহত দুই পুত্ৰক বিহ খুৱাই নিজেও আত্মহত্যাৰ পথ বাচি ল’লে এজন ব্যক্তিয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰভাগৰ দোকোহাতত।

জানিব পৰা মতে, দোকোহাতৰ নিৱাসী দ্বিপুল শইকীয়াৰ পত্নীয়ে অলপতে দুই সন্তান আৰু স্বামীক এৰি আন এজন লোকৰ সৈতে পলায় যায়।

ইয়াৰ পিছতে মানসিকভাৱে ভাগি পৰা দ্বিপুল শইকীয়াই ঘটনা সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত অৱশেষত দুই পুত্ৰক বিহ খুৱাই নিজেও আত্মহত্যা কৰে।

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি অহা দ্বিপুল শইকীয়াৰ ইতিমধ্যে মৃত্যু ঘটিছে যদিও তেওঁৰ দুই পুত্ৰ মানৱজ্যেোতি (১৩) আৰু ভাৰ্গৱজ্যোতি (৭) বৰ্তমানো চিকিৎসাধীন হৈ আছে হাস্পতালত।

এই ঘটনাই সমগ্ৰ বৰভাগত শোকৰ ছাঁ পেলাইছে।

সমান্তৰালভাৱে স্বামী আৰু সন্তানক এৰি পৰ পুৰুষলৈ পলাই যোৱা পত্নীক দ্বিপুলৰ আত্মহত্যাৰ বাবে জগৰীয়া কৰি উচিত শাস্তি বিহাৰ দাবী জনাইছে ৰাইজে।

লগতে চাওকঃ

ভুৱা আৰক্ষী নহয়, ভুৱা থানা উৎখাত আৰক্ষীৰ! ৮ মাহ ধৰি চলি থকা ভুৱা থানাৰ নকল আৰক্ষী বিষয়া, নকল কনিষ্টবলক গ্ৰেপ্তাৰ