শোকাবহ! বিচনাত শুই শুই মোবাইল চাৰ্জত লগাই ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু

শোকাবহ! বিচনাত শুই শুই মোবাইল চাৰ্জত লগাই ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ যুৱকৰ মৃত্যু

August 9, 2022 Off By NEWS DESK

নিউজ ডেস্কঃ বিচনাত শুই শুই চাৰ্জত লগাই মোবাইলত ভিডিঅ’ চাই আছিল এজন যুৱকে। কিন্তু তেনেতে বিদ্যুৎ স্পৃষ্ট হৈ প্ৰাণ হেৰুৱায় যুৱকজনে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ বনবালী ৰোডত।

মৃত যুৱকজনক পৰিচয় প্ৰীতম নাথ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শুই শুই মোবাইল চাৰ্জত লগাই ভিডিঅ’ চাই থকাৰ সময়তে বিদ্যুৎ স্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয় যুৱকজনক।

লগে লগে পৰিয়ালৰ লোকে যুৱকজনক হাস্পতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ পৰিছে সমগ্ৰ অঞ্চলটোত।

স্থানীয় বিধায়ক কমলাক্ষ দে পুৰকায়স্থ নিহত যুৱকজনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

লগতে চাওকঃ বোৱাৰীৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহুৱেকসহ ২ মহিলাৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন আন এগৰাকী…