
মৰ্মান্তিক! বিদ্যুতৰ খুঁটাত খুন্দিয়ালে বাহনে, থিতাতে মৃত্যু ৰাভা ছাত্ৰ সন্থাৰ দুই কৰ্মীৰ
May 4, 2021এক শোকাৱহ পথ দুৰ্ঘটনা।
থিতাতে প্ৰাণ হেৰুৱালে নিখিল ৰাভা ছাত্ৰ সন্থাৰ দুই কৰ্মী দীপাংক ৰাভা আৰু পল্লৱ ৰাভাই।
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় আন দুজন যুৱক।

আহত যুৱক দুজনৰ নাম ভোটাচ সিং আৰু বিসঞ্জয় ৰাভা।
উল্লেখ্য যে দীপাংক ৰাভা জিৰা আঞ্চলিক ৰাভা ছাত্র সন্থাৰ সভাপতি।
দুৰ্ঘটনাটো সংঘতিত হয় গোৱালপাৰাৰ কাছুমাৰীৰ তুৰা-পাইকান পথত।
নিয়ন্ত্ৰণ হেৰুৱাই ৱেগনাৰ বাহনেৰে পথৰ দাঁতিত থকা বিদ্যুতৰ খুটাত প্ৰচণ্ড খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
আহত ভোটাচ সিঙক সংকট জনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে।
আনহাতে আন গৰাকী আহত বিসঞ্জয় ৰাভা গোৱালপাৰাৰ চলেছ হস্পিতালত চিকিৎসাধীন হৈ আছে।
এই ঘটনাত গভীৰ শােক প্ৰকাশ কৰিছে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি নৃপেন খান্দা তথা উপ-সভাপতি প্ৰদীপ ৰাভাই।
লগতে চাওকঃ