ষ্টাইল কৰি বিদ্যালয়লৈ আহিলে নহ’ব, ছাত্ৰ-ছাত্ৰীক ভালদৰে পঢ়াওকঃ বিদ্যালয়ত ছাডেন ভিজিট কৰি অধ্যাপিকাক সকীয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

নিউজ ডেস্কঃ পৰীক্ষাত বেয়া প্ৰদৰ্শন কৰা বিদ্যালয় পৰিদৰ্শন কৰি অন কেমেৰা অধ্যাপিকাক সকীয়নী প্ৰদান কৰিলে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। পৰীক্ষাত ভাল ফলাফল দেখুৱাব নোৱাৰা বিদ্যালয়ত তলা লগোৱাৰো সকীয়নী দিলে বিধায়কগৰাকীয়ে।

শুকুৰবাৰে বিধায়কগৰাকী আকস্মিকভাৱে উপস্থিত হয় তেওঁৰ সমষ্টিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত অতি দুৰ্বল প্ৰদৰ্শন কৰা বিদ্যালয়খনৰ অধ্যাপিকাক সকীয়াই দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে।

বিদ্যালয়লৈ ষ্টাইল কৰি আহিলে নহ’ব, ছাত্ৰ-ছাত্ৰীক ভালদৰে পঢ়াওক বুলি সকীয়াই দি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কয় যে অহা বছৰো যদি বিদ্যালয়খনৰ ফলাফল বেয়া হয়, তেন্তে উচ্চতৰ মাধ্যমক শাখা বন্ধ কৰি কেৱল প্ৰাথমিক বিদ্যালয়খনহে চলাই থকা হব।

শিক্ষক-শিক্ষয়িত্ৰীসকলে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক আন্তৰিকতাৰে শিক্ষা দান নকৰাৰ বাবেই ফলাফল বেয়া হোৱা বুলিও মন্তব্য কৰে ৰূপজ্যোতি কুৰ্মীয়ে।

উল্লেখ্য যে, মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এইবাৰৰ পৰীক্ষাৰ ফলাফল অতি দুৰ্বল আছিল। উচ্চতৰ মাধ্যমিকত কলা শাখাত মুঠ ৩৬ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ১২ জনহে উত্তীৰ্ণ হৈছিল। সেইদৰে বাণিজ্য শাখাত মাত্ৰ দুজন ছাত্ৰৰ বিপৰীতে ৭ গৰাকীকৈ শিক্ষক থকাৰ পিছতো পৰীক্ষাত মাত্ৰ এজনেহে উত্তীৰ্ণ হ’বলৈ সক্ষম হৈছিল।

বিদ্যালয়খনৰ এনে ব্যৰ্থ প্ৰদৰ্শনত আক্ষেপ ব্যক্ত কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। যাৰ বাবে বিদ্যালয়খনত আকস্মিকভাৱে উপস্থিত হৈ অধ্যাপিকাক ধমক প্ৰদান কৰাৰ লগতে অহা বছৰলৈও এনে প্ৰদৰ্শন অব্যাহত থাকিলে বিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক শিক্ষা বন্ধ কৰি দিয়া হ’ব বুলি সকীয়াই দিয়ে।